নিউজ ডেক্স, 30 মে': দেওবাৰে সমগ্ৰ দেশত মোডী চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন কৰা হয় ৷ এই উপলক্ষে সমগ্ৰ অসমত বিজেপি কৰ্মী নেতাসকলে পালন কৰে বৰ্ষপূৰ্তি কাৰ্যসূচী ৷ দেশত কৰ’ণাৰ আংতকৰ বাবে ঠায়ে ঠায়ে কৰ’ণাৰ প্ৰতি সজাগতা, মাস্ক বিতৰণ, ছেনিটাইজেশ্যনৰ কাৰ্যসূচী হাতত লোৱা পৰিলক্ষিত হয় ৷
সৰুপথাৰ: সৰুপথাৰতো বিধায়ক বিশ্বজিৎ ফুকনে আজি সেৱাই সংগঠন শীর্ষক কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি কেইবাটাও কাৰ্যসূচী ৰূপায়ন কৰে । বিধায়ক জনে ৰতনপুৰ গাঁও পঞ্চায়ত কৃষি ভূমিলৈ পানী যোৱা এটা নলা পৰিদৰ্শন কৰে আৰু পঞ্চায়ত কাৰ্যালয়ত চেনিট্ৰাইজ কৰাৰ শুভাৰম্ভনি কৰে।বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত বৰপথাৰ নগৰত চেনিট্ৰাইজ কৰাৰ লগতে ধৰমশক্তি মনোবিকাশ কেন্দ্ৰত বিশেষভাবে সক্ষম শিশু সকলৰ মাজত মাক্স আৰু খাদ্য সামগ্রী বিতৰণ কৰে ।
ডিব্ৰুগড় : দেওবাৰৰ দিনটোত ৰাজ্যৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়ত ক’ভিড পৰিস্থিতিত সন্মুখৰ পৰা কাম কৰি থকা ক’ভিড যোদ্ধা সাংবাদিক সকলৰ মাজত দলটোৰ কৰ্মকৰ্তা তথা বিষয়ববীয়াই মাজত ছেনিটাইজাৰ,যথেষ্ট পৰিমাণৰ মাস্ক বিতৰণ কৰে ৷ ডিব্ৰুগড়ত আজিৰ দিনটোৰ লগত সংগতি ৰাখি আংশিক লকডাউনৰ সময়ত যথেষ্ট দৰিদ্ৰ লোকক খাদ্য, আৰু আন আন সামগ্ৰী বিতৰণৰো কাৰ্যসূচী গ্ৰহণ কৰে ৷
ৰাজ্যজুৰি বিজেপিৰ সেৱাই সংগঠন শীর্ষক কাৰ্য্যসূচী পালন জনীয়া : বৰপেটা জিলাৰ কলগাছিয়াতো বিজেপিৰ কৰ্মকৰ্তা সকলে ৰাইজৰ মাজত মাক্স বিতৰণ আৰু ছেনিটাইজেচনৰ কাৰ্যসুচী হাতত লৈছে ৷ বিজেপিৰ সক্ৰিয় কৰ্মী তথা বিজেপি নেতা শ্বহিদুল ইছলাম আৰু মণ্ডল বিজেপিৰ নেতৃত্বত কলগাছিয়াৰ বজাৰত মাক্স বিতৰণ কৰাৰ লগতে ৰূপসী খণ্ড উন্নয়ন খণ্ডৰ কাৰ্যালয়, কলগাছিয়া আৰক্ষী থানা, PWD আই বি আৰু কলগাছিয়া চাৰিআলী চক বজাৰত ছেনিটাইজ কৰা হয় । আৰু সকলোকে মাস্ক পৰিধান কৰিবলৈ, সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আৰু ঘৰৰ পৰা ওলাই নাহিবলৈ ৰাইজক আহ্বান জনায় ৷
হোজাই :দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনৰ দ্বিতীয়টো কাৰ্যকালৰ দ্বিতীয় বৰ্ষ সম্পূৰ্ণ হয় । এই উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ হোজাই জিলা এছ. টি. মৰ্চায় সেৱাৰ মনোভাবেৰে এই দিনটো উৎযাপন কৰাৰ বাবে বিভিন্ন কায্যসূচী লয় । কায্যসূচীৰ অংশ হিচাবে হোজাই জিলা এছ. টি. মৰ্চাৰ কৰ্মকৰ্তা সকলে এছ. টি. লোক সকলৰ জনবসতি অঞ্চলত পুৱাই চেনিটাইজেচন কৰি অঞ্চলটোক কৰ’ণা মুক্ত কৰাৰ বাবে এক প্ৰয়াস হাতত লয় । লগতে সজাগতা বৃদ্ধিৰ বাবে সজাগতা অনুষ্ঠান আৰু মাস্ক চেনিটাইজাৰ বিতৰণ কৰে ৷
লগতে পঢ়ক :বিনা অপৰাধত কাৰাবাস খাটিলে এজন লোকে: ক’ত সংঘটিত হৈছে এই ঘটনা ?