ডিব্ৰুগড়, 1 নৱেম্বৰ : আধুনিকতাৰ পোহৰে ঢুকি নোপোৱা ডিব্ৰুগড়ৰ লেজাই অঞ্চলৰ ভিতৰুৱা এখন গাঁও কঠালবাম গাঁৱত শেহতীয়াকৈ অকাল মৃত্যু হৈ আহিছিল ইজনৰ পাছত সিজন লোকৰ । কেৱল তন্ত্ৰ-মন্ত্ৰ, ক’লা যাদু, পূজা-পাতলত বিশ্বাসী গাঁওখনৰ একাংশ অশিক্ষিত লোকে এই ঘটনাবোৰৰ বাবে কাষ চাপিছিল বিভিন্ন বেজ-পুৰোহিত আদিৰ ।
ডিব্ৰুগড়ত পুনৰ ডাইনী হত্যাৰ চাঞ্চল্যকৰ কাণ্ড কেইবাজনো বেজে চম্পা মুড়া নামৰ মহিলা গৰাকীলৈ টোৱাইছিল সন্দেহৰ আঙুলি ৷ ইফালে, গাওঁখনৰ বহু লোকে চম্পা মুড়াক গাঁৱৰ বিভিন্ন স্থানত চাকি বন্তি জ্বলাই পূজা কৰাও প্ৰত্যক্ষ কৰা বুলি তুলিছিল অভিযোগ ৷ ইয়াৰ পাছতেই গাঁওখনত সংঘটিত এই সমগ্ৰ ঘটনাবোৰৰ বাবে চম্পা মুড়াকে জগৰীয়া কৰি, ডাইনী সন্দেহত হত্যাৰ ষড়যন্ত্ৰ কৰিছিল চম্পা মুড়াক ।
অৱশেষত সোমবাৰে পুৱা মহিলাগৰাকীক জীৱন্তে জ্বলাই হত্যা কৰাৰ চেষ্টা কৰিছিল অন্ধবিশ্বাসী একাংশ গাঁওবাসীয়ে । অন্ধবিশ্বাসৰ বলি একাংশৰ ভাষ্য শুনিলেই গম পাব বিজ্ঞানৰ এই যুগতো অন্ধবিশ্বাসে কেনেদৰে শিপাই আছে এওঁলোকৰ মনত । ইতিমধ্যে এই সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ডিব্ৰুগড়ৰ বৰবৰুৱা থানাৰ আৰক্ষীয়ে । তদন্তৰ সমান্তৰালকৈ আৰক্ষীয়ে অন্ধবিশ্বাসৰ বিৰুদ্ধে গাঁওখনত সজাগতা অনাৰ বাবেও কৰিছে চেষ্টা ৷
আনহাতে,এই জঘন্য ঘটনাৰ বলি হোৱা চম্পা মুড়াৰ এই পৰ্যন্ত নাই কোনো সন্ধান । চম্পা মুড়া ক’লৈ গ’ল তাৰো কোনো সুদূত্তৰ নাই গাঁওখনৰ কাৰো ওচৰত । ডাইনীৰ সন্দেহত গাঁওখনত সংঘটিত এই ঘটনাৰ পাছতেই সমগ্ৰ অঞ্চলটোত সৃষ্টি হৈছে চাঞ্চল্যৰ ।
লগতে পঢ়ক :উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত কি নিয়ম বান্ধি দিলে নিৰ্বাচন আয়োগে ?