অসম

assam

ETV Bharat / city

Sankalpa Sikha Yatra: ডিব্ৰুগড়ত উপস্থিত ৪৪ সংখ্যক দবা অলিম্পিয়াডৰ ঐতিহাসিক ‘সংকল্প শিখা যাত্ৰা’ - আজাদি কা অমৃত মহোৎসৱ

৪৪ সংখ্যক ‘দবা অলিম্পিয়াড’ৰ ঐতিহাসিক ‘সংকল্প শিখা যাত্ৰা’ আজি উপস্থিত হ'লহি ডিব্ৰুগড়ত ৷ ইটানগৰৰ পৰা আহি এই শিখা ৰেলী ডিব্ৰুগড়ত উপস্থিত হয় (44th chess Olympiad)৷

44th chess Olympiad
44th chess Olympiad

By

Published : Jul 13, 2022, 9:59 PM IST

ডিব্ৰুগড়, 13 জুলাই: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত শুভাৰম্ভ কৰা ৪৪ সংখ্যক ‘দবা অলিম্পিয়াড’ৰ ঐতিহাসিক ‘সংকল্প শিখা যাত্ৰা’ বুধবাৰে উপস্থিত হ'লহি ডিব্ৰুগড়ত । অহা ২৮ জুলাইৰ পৰা ৭ আগষ্টলৈ চেন্নাইত অনুষ্ঠিত হ'ব ৪৪ সংখ্যক দবা অলিম্পিয়াড (44th chess Olympiad in Chennai)। দেশৰ ৭৫ খন ঠাইত এই শিখা ৰেলীৰে দবা খেলৰ সজাগতা অনুষ্ঠান অনুষ্ঠিত হ'ব (44th chess Olympiad)।

ডিব্ৰুগড়ত উপস্থিত ৪৪ সংখ্যক দবা অলিম্পিয়াডৰ ঐতিহাসিক ‘সংকল্প শিখা যাত্ৰা’

বুধবাৰে ইটানগৰৰ পৰা আহি এই শিখা ৰেলী উপস্থিত হয় ডিব্ৰুগড়ত । ডিব্ৰুগড়ত গ্ৰেণ্ডমাষ্টাৰ মিত্ৰাভা গুহই শিখা অৰ্পন কৰে বাণিজ্য তথা সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ হাতত । ‘আজাদি কা অমৃত’ মহোৎসৱৰ লগত সংগতি ৰাখি দেশৰ প্ৰধান মন্ত্ৰীয়ে ক্ৰীড়া ক্ষেত্ৰতো অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে এই সজাগতামূলক অনুষ্ঠান অনুষ্ঠিত কৰিছে ।

এই উদ্দেশ্যে অনুষ্ঠিত সভাত সদৌ অসম ক্ৰীড়া সন্থাৰ উপ-সভাপতি ইফটিকুৰ ৰহমান, বিধায়ক টেৰছ গোৱালা, ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু, ডিব্ৰুগড়ৰ উন্নয়ন আয়ুক্ত সঞ্জয় দত্ত, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ সভাপতি অসীম হাজৰিকাৰ লগতে বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Brahmaputra river erosion: লুইতক ভেটিব কোনে ?

ABOUT THE AUTHOR

...view details