ডিব্ৰুগড়, ১৪ জুনঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক সঞ্জীৱ পল ডেকালৈ সাহিত্য অকাডেমীৰ চলিত বছৰৰ যুৱ সাহিত্য বঁটা। গল্পকাৰ সঞ্জীৱ পল ডেকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক। "এইপিনে কি আছে" শীৰ্ষক গল্প সংকলন খনৰ বাবে প্ৰাধ্যাপকগৰাকীক প্ৰদান কৰা হয় সাহিত্য অকাডেমীৰ যুৱ সাহিত্য বঁটা । দৰঙৰ দীঘিৰপাৰত জন্মগ্ৰহণ কৰা ডেকাই ২০০৫ত প্ৰান্তিকত "সময়" নামৰ গল্পৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ পাছত অগ্ৰণী প্ৰকাশন প্ৰতিষ্ঠান 'পেংগুইন'ৰ দ্বাৰা প্ৰকাশিত 'First Proof'ত স্থান পাইছিল তেওঁৰ গল্পই। ইতিমধ্যে তেওঁৰ দ্বাৰা প্ৰাকাশিত বহু প্ৰৱন্ধ ইংৰাজী,মাৰাঠী,কানাড়া আৰু বাংলা ভাষালৈও অনূদিত হৈছে ৷ দৰঙৰ গ্ৰাম্য পটভূমিক কেন্দ্ৰ কৰি ৰচনা কৰা গল্প সংকলন খনৰ জৰিয়তে বঁটা লাভ কৰাৰ খবৰ জানিব পাৰি যথেষ্ট আনন্দিত হৈ পৰে যুৱ লেখকগৰাকী।
সাহিত্য অকাডেমীৰ যুৱ বঁটা অসমৰ দুই যুৱ সাহিত্যিকলৈ - যুৱ সাহিত্য বঁটা
সঞ্জীৱ পল ডেকালৈ যুৱ সাহিত্য বঁটা, ৰুজাৱ মুছাহাৰীলৈ বড়ো ভাষাৰ যুৱ বঁটা ৷ "এইপিনে কি আছে" শীৰ্ষক গল্প সংকলন খনৰ বাবে প্ৰাধ্যাপকগৰাকীক প্ৰদান কৰা হয় সাহিত্য অকাডেমীৰ যুৱ সাহিত্য বঁটা। সাহিত্য অকাডেমীয়ে ঘোষণা কৰা বড়ো ভাষাৰ যুৱ বঁটা লাভ কৰিছে চিৰাং জিলাৰ বিজনী মহকুমাৰ দেৱানপাৰাৰ যুৱ কবি ৰুজাৱ মুছাহাৰীয়ে ৷
ইপিনে সাহিত্য অকাডেমীয়ে ঘোষণা কৰা বড়ো ভাষাৰ যুৱ বঁটা লাভ কৰিছে চিৰাং জিলাৰ বিজনী মহকুমাৰ দেৱানপাৰাৰ যুৱ কবি ৰুজাৱ মুছাহাৰীয়ে ৷ সম্প্ৰতি ৰঙিয়া মহাবিদ্যালয়ৰ বড়ো বিভাগত অধ্যাপনা কৰি থকা ৰুজৱ মুছাহাৰীয়ে তেওঁৰ 'স্বানশ্ৰী আৰো মানদানথিনি মাখাং' নামৰ কবিতা পুথিৰ বাবে এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ 2018 চনত প্ৰকাশ হৈছিল তেখেতৰ এই কবিতা পুথিখন ৷ এতিয়ালৈ ব্ৰহ্মৰ তিনিখন কবিতা পুথি প্ৰকাশ হোৱাৰ উপৰি এখনি ৰচনা সংগ্ৰহ গ্ৰন্থ প্ৰকাশ পাইছে ৷ তেওঁৰ অন্যান্য গ্ৰন্থ সমূহ হৈছে 'বায়দি বিন্থি বায়দি ছাউৰায়থায়', 'মৌনছে ছম নেইনানেই','আং তাগিৰতা মৌনো ছুখুনি গেহেৰাউৱো মাছে জিবো' আৰু 'ছানসি আৰো মোন্দাংথিনি মৌখাং' ৷ বিজনীৰ গুণ্ডামাৰা দেৱানপাৰা নিবাসী সবিৰাম মুছাহাৰী আৰু বিমলা মুছাহাৰীৰ পুত্ৰ ৰুজৱ মুছাহাৰী ৷
লগতে আন এটা বাতৰি - এতিয়া যে পথাৰত জাক জাক হাড়গিলা