ডিব্ৰুগড়, 18 মাৰ্চ : ডিব্ৰুগড়ৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হ'ল এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চমচেৰ হক নামৰ যুৱকজনে চলাই যোৱা টাটা টিগৰ বাহনখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত বাগৰি পৰিল 15 ফুট তলত ৷ নগৰ সুৰক্ষাৰ বাবে থকা জুৰিসদৃশ বৃহৎ নলাত বাহনখন বাগৰি পৰাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় যুৱকজন ৷
15 ফুট তলত বাগৰিল বাহন : গুৰুতৰভাৱে আহত এজন - Road accident in Dibrugarh
দুৰ্ঘটনাগ্ৰস্ত বাহন বাগৰি পৰিল 15 ফুট তলত ৷ গুৰুতৰভাৱে আহত বাহনৰ চালক ৷
ডিব্ৰুগড়ত পথ দূৰ্ঘটনা
প্ৰায় 20 ফুট তলৰ পৰা যুৱকজনক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷ চিকিৎসাধীন যুৱকজন ডিব্ৰুগড়ৰ লালুকাৰ বুলি জানিব পৰা গৈছে ।
আৰু পঢ়ক : 1,79,000 লৈ বৃদ্ধি কৰ'ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা : বিশ্ব স্বাস্থ্য সংস্থা