মৰাণ, 10 ফেব্ৰুৱাৰীঃ মৰাণ সমষ্টিৰ অন্তৰ্গত মৰাণ 1 নং ডোমৰদলং আৰু ৰাংচালী সংযোগী পথত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দলং ভাঙি খাৱৈত পৰে এখন জেচিবি বাহন ।
মৰাণত দলং ভাগি খাৱৈত পৰিল জেচিবি - মৰাণ 1 নং ডোমৰদলং আৰু ৰাংচালী সংযোগী পথত পথ দুৰ্ঘটনা
দলং ভাঙি খাৱৈত পৰিল জেচিবি ৷ মৰাণ 1 নং ডোমৰদলং আৰু ৰাংচালী সংযোগী পথত পথ দুৰ্ঘটনা ৷
এটা সৰু জানৰ ওপৰত থকা পুৰণি দলং খন দুৰ্বল হোৱা হেতুকে পথৰ কাম কৰি থকা AS 06 AC 6163 নম্বৰৰ JCB খন দলং ভাগি খাৱৈত পৰি যায় । অৱশ্যে সৌভাগ্য ক্ৰমে চালক জনে নিজক বচাবলৈ জপিয়াই দিয়াত প্ৰাণ ৰক্ষা পৰে ৷ সামান্য পৰিমাণে আঘাত প্ৰাপ্ত হয় চালকগৰাকী ৷
প্ৰায় 7 খন গাঁও সংযোগী এই ব্যস্ততাপূৰ্ণ পথটোৰে বহু ছাত্ৰ-ছাত্ৰীৰ লগতে ব্যৱসায় বাণিজ্য কৰা গাঁৱৰ শ-শ লোকে যাতায়ত কৰে ৷ কিন্তু পুৰণি দলং খন মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষৰ লগতে স্থানীয় বিধায়কেৰ আহৰি নাই ৷ এই দুৰ্ঘটনাৰ পাচতেই ৰাইজে সমষ্টিটোৰ বিধায়ক চক্ৰধৰ গগৈক এটা পকী আৰু বহল দলং নিৰ্মাণ কৰাৰ দাবী জনায় ।