মৰাণ, 11 অক্টোবৰ :ৰাজ্যজুৰি পেট্ৰ’লৰ মূল্য শতকৰ ঘৰ অতিক্ৰম কৰাৰ পাছতেই সাধাৰণ জনতাৰ মাজত হাহাকাৰ লাগিছে । ক'ভিড পৰিস্থিতিয়ে আৰ্থিকভাৱে সকলোকে জুৰুলা কৰাৰ সময়তে পেট্ৰ’লৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে ৰাইজক । পেট্ৰ'লৰ মূল্যবৃদ্ধিৰ লগে লগে গাড়ী ভাড়াৰ পৰা বজাৰ সামগ্ৰীৰ লগতে খাদ্য সামগ্ৰীৰ দাম ক্ৰমাৎ বৃদ্ধি হৈছে ।
এনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে "পেট্ৰ'লৰ মূল্যবৃদ্ধি ডাঙৰ কথা নহয় । ক'ভিড ভেকচিন বিনামূলীয়াকৈ দিয়া বাবেই পেট্ৰ’লৰ দাম বৃদ্ধি হৈছে বুলি কৰাৰ মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে মেঘালয়ত এবটল পানীৰ দাম ১০০ টকা, তাৰ তুলনাত পেট্ৰ'লৰ দাম বৃদ্ধি হোৱাটো ডাঙৰ কথা নহয়" বুলি কৈ অসমৰ ৰাইজক উপহাস কৰাৰ পাছতে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক তীব্ৰ ভাষাৰে সমালোচনা কৰি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ সম্পাদক দেবেন ওৰাঙে মৰাণত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰামেশ্বৰ তেলী দায়িত্বজ্ঞানহীন মন্ত্ৰী । এজন কেন্দ্ৰীয় মন্ত্ৰীৰ এই মন্তব্য লজ্জাজনক । অসমৰ জ্বলন্ত সমস্যাৰ বিষয়ে মাত মাতিব নোৱাৰা, কেৱল ৰাইজক বিপথে পৰিচালিত কৰা এই ধৰণৰ মন্ত্ৰী অসমৰ বাবে প্ৰয়োজন নাই বুলি কয় দেবেন ওৰাঙে ।
ৰামেশ্বৰ তেলীৰ অদ্ভুত মন্তব্যৰ পাছতে দল-সংগঠনৰ প্ৰতিক্ৰিয়া আনহাতে অসমৰ ৰাইজ মূল্যবৃদ্ধিৰ ফলত জুৰুলা হৈ পৰা সময়ত এইদৰে তুলুঙা মন্তব্য কৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীক অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ লগতে প্ৰধানমন্ত্ৰী মোডীক ৰাজ্যৰ সমস্যাক লৈ ৰাজনীতি কৰা ৰামেশ্বৰ তেলীক মন্ত্ৰী সভাৰ পৰা অপসাৰণ কৰাৰ দাবী কৰিছে আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকণ ভূঞাই ।
আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকণ ভূঞা লগতে পঢ়ক :জামিন লাভ কৰিলে ডাঃ নভনীল বৰুৱাই