ডিব্ৰুগড়, ২০ ফেব্ৰুৱাৰীঃ চৰকাৰৰ উন্নয়নৰ খতিয়ান সমূহ জনসাধাৰণক জনোৱাৰ উদ্দেশ্যে প্ৰতিটো পষেকত প্ৰকাশিত হয় এখন চৰকাৰী সংবাদ পত্ৰ 'ৰাইজৰ বাতৰি'। চৰকাৰৰ উন্নয়নমূলক কাম কাজৰ বিষয়ে জনসাধাৰণক অৱগত কৰোৱাই কাকত খনৰ মূল উদ্দেশ্য।
জাবৰৰ দ'মত 'ৰাইজৰ বাতৰি' - চৰকাৰী ধনৰ অপচয়
সংবাদ পত্ৰ প্ৰকাশৰ নামত চৰকাৰী ধনৰ অপচয়!!
etv bharat assam
ডিব্ৰুগড় জিলাৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত কেইবামাহ ধৰি আৱৰ্জনাৰূপত হৈ পৰি আছে আগষ্ট মাহতেই বৃহৎ ধন খৰচ কৰি উলিওৱা বাতৰি কাকতখনৰ সংখ্যা। বৰ্তমান আলোচনীৰ আকাৰত প্ৰকাশ কৰা এই সংবাদ পত্ৰ খনৰ বিতৰণৰ দায়িত্ৱ ডিব্ৰুগড় জিলা জনসংযোগ বিভাগৰ আছিল যদিও জিলাখনৰ দায়িত্ৱত থকা জনসংযোগ বিষয়াই বাছ আস্থানৰ চুকত "ৰাইজৰ বাতৰি" বিতৰণৰ বাবে এৰিয়েই দায়িত্ব সামৰা বুলি বুধবাৰে সংবাদ মাধ্যমৰ আগত স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে।