ডিব্ৰুগড়, 21 জুন :20 জুন, ৰাভা দিৱসৰ পৱিত্ৰ ক্ষণত সদৌ অসম ছাত্ৰ সন্থাৰ তত্বাৱধান (ALL ASSAM STUDENTS UNION) ত সদৌ ডিব্ৰুগড় জিলা (Dibrugarh District) ছাত্র সন্থাৰ প্ৰচেষ্টাৰে ‘সৈনিক শিল্পী’ বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনভিত্তিক ‘বিষ্ণুপ্ৰসাদ ৰাভা: জীৱন, সমাজ আৰু আদর্শ’শীর্ষক এখনি গৱেষণামূলক গ্ৰন্থৰ কাম 20 জুন অৰ্থাৎ "ৰাভা দিৱস"ৰ দিনটোৰ পৰাই আৰম্ভ কৰা হৈছে ৷ গ্ৰন্থখন সম্পাদনা কৰিব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড° চন্দন কুমাৰ শৰ্মা আৰু ছাত্ৰ তথা সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্রীয় কার্যনির্বাহক ডেভিদ হাজৰিকাই । এই সম্পৰ্কত এক পত্ৰযোগে জানিবলৈ দিছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক (ASSU GERERAL SECRETORY) শংকৰ জ্যোতি বৰুৱাই ।
শংকৰ জ্যোতি বৰুৱাই অসমীয়া জাতীয় জীৱনৰ কাণ্ডাৰী সৈনিক শিল্পী গৰাকীৰ সৃষ্টি, দৃষ্টি আৰু অৱদানক প্রণালীৱদ্ধভাৱে সৰংক্ষণ আৰু সংবৰ্দ্ধনৰ ক্ষেত্ৰত এই গ্ৰন্থখন আগন্তুক দিনত এক মাইলৰ খুঁটি হৈ ৰ’ব বুলি আশা প্ৰকাশ কৰিছে । সদৌ অসম ছাত্র সন্থাই বিগত সময়ত অসমীয়া জাতীয় জীৱনৰ প্ৰমুখ কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱা, জ্যোতিপ্ৰসাদ আগৰৱালা, ড° ভূপেন হাজৰিকা( Dr.BHUPEN HAZARIKA) দেৱৰ জীৱন ভিত্তিক গৱেষণামূলক গ্রন্থ ইতিমধ্যেই প্ৰকাশ কৰিছে।