টিংখাং, 8 মে' : শনিবাৰে টিংখাঙৰ ৰাজগড়ত চি পি আই এম এল আৰু প্ৰগতিশীল নাৰী সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে । ৰাজ্য কপোৱা চুমিলা ৰংহাঙপী আৰু দীপশিখা শইকীয়াৰ ন্যায় প্ৰদান কৰাৰ লগতে হত্যাকাৰীক ফাঁচীৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই ৷ টিংখাঙৰ ৰাজগড় শ্বহীদ বেদী তিনিআলিত চি পিআই এম, এ আই পি ডব্লিও এ, আইছা, আৰ ৱাই এৰ যৌথ উদ্যোগত শনিবাৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷
টিংখাঙত নাৰী নিৰ্যাতনকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ - ফাষ্ট ট্ৰেক
টিংখাঙৰ ৰাজগড়ত চুমিলা ৰংহাঙপী আৰু দীপশিখা শইকীয়াক ন্যায় প্ৰদান দাবী ৷ হত্যাকাৰীক ফাঁচীৰ দাবীত উত্তাল প্ৰতিবাদ বিভিন্ন সংগঠনৰ ।

টিংখাঙত নাৰী নিৰ্যাতনকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ
প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে’ কাৰ্ড লৈ চুমিলা আৰু দিপশিখাক ন্যায় প্ৰদান কৰক, ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰ কৰক, বিচাৰ শেষ নোহোৱা পৰ্যন্ত হত্যা হত্যাকাণ্ডত জড়িত সকলক জামিন দিয়া বন্ধ কৰক, নাৰী নিৰ্যাতন বন্ধ কৰক আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷
লগতে পঢ়ক :কন্টেইনমেন্ট অঞ্চলৰ লোকক খাদ্য বিতৰণ কৃষ্ণগুৰু আন্তঃৰাষ্ট্ৰীয় আধ্যাত্মিক যুৱ সমাজৰ