অসম

assam

ETV Bharat / city

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - Protest

দুলীয়াজানত পুনৰ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ কিয়নো অইলে স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে বিভিন্ন গুৰুত্বপূৰ্ণ বিভাগত ঠিকা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

Protest against Duliajan Oil by Satra mukti sangram samiti
অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Aug 16, 2021, 10:47 PM IST

মৰাণ, 16 আগষ্ট : ব্যক্তিগতকৰণৰ দিশে ৰাজ্যৰ বহু কেইটা গুৰুত্বপূৰ্ণ বিভাগ ৷ চৰকাৰী খণ্ড ব্যক্তিগতকৰণ কৰাৰ বিৰুদ্ধে বিভিন্ন সময়ত প্ৰতিবাদত বহিছিল ৰাজ্যৰ কেইবাটাও দল-সংগঠন ৷ এইবোৰৰ মাজতো পুনৰ অইলৰ বিৰুদ্ধে প্ৰতিবাদ নামিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে সোমবাৰে পুনৰ দুলীয়াজানত প্ৰতিবাদত নামিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷

অইল ইণ্ডিয়া লিমিটেডত ঠিকাভিত্তিক নিযুক্তি বাতিলৰ দাবীত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দুলীয়াজানৰ নেহেৰু মৈদামৰ সমীপত ৰূপায়ণ কৰে এক ধৰ্ণা কাৰ্যসূচী ৷ উল্লেখ্য যে, কিছুদিন পূৰ্বে বাতৰি কাকতত প্ৰকাশ পাইছিল এক বিজ্ঞাপন ৷ যি বিজ্ঞাপন প্ৰকাশ পাইছিল যে, অইলত খালী হৈছে বিভিন্ন পদ ৷ এই খালী হৈ থকা এই পদ কেইটাত নিযুক্তি দিয়া হ’ব ঠিকা ভিত্তিক কৰ্মচাৰীক ৷

অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে প্ৰতিবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

জানিব পৰা মতে, অইলে ঔদ্যোগীক প্ৰতিষ্ঠানটোত স্থায়ী নিযুক্তিৰ পৰিৱৰ্তে বিভিন্ন গুৰুত্বপূৰ্ণ পদত ঠিকা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰিছে ।

লগতে পঢ়ক:ভৱিষ্যতৰ শংকাত ভুগিছে বহিঃৰাষ্ট্ৰত বাস কৰা আফগানী নাগৰিকে

অইলৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া জাঙুৰ খাই উঠিছে বিভিন্ন দল-সংগঠন ৷ ইফালে অইলৰ ঠিকা ভিত্তিক নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰাৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (SMSS) বিভিন্ন সময়ত প্ৰতিবাদ কৰি আহিছিল ৷ কিন্তু এই প্ৰতিবাদক কোনো গুৰুত্ব নিদিলে অইল কৰ্তৃপক্ষই ৷ যাৰ বাবে অইলৰ বিৰুদ্ধে খৰ্গ-গ্ৰস্ত হৈ পৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে বহু সংগঠন ৷

ফলত পুনৰ সোমবাৰে অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ৷ অইল ইণ্ডিয়াই নিজৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত আন্দোলন কৰি যোৱাৰ হুংকাৰ প্ৰদান কৰিছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

থলুৱা নিবনুৱাক স্থায়ী নিযুক্তি প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, অইলৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক:প্ৰতাৰণাৰ অন্য নাম ছয় জনগোষ্ঠীৰ জনজাতিকৰণ !

ABOUT THE AUTHOR

...view details