অসম

assam

ETV Bharat / city

ক’ভিড-19: মৰাণবাসীক সজাগ হোৱাৰ আহ্বান প্ৰশাসনৰ

কৰ'ণাৰ শেহতীয়া ভয়াৱহ পৰিস্থিতি সন্দৰ্ভত মৰাণ ৰাজহ চক্ৰ বিষয়াৰ সংবাদমেল ৷ ক'ভিডত আক্ৰান্ত হৈ মৰাণত দুজন ব্যক্তিৰ মৃত্যু হোৱাত উদ্বিগ্ন মৰাণৰ প্ৰশাসন ৷

By

Published : Apr 27, 2021, 9:21 PM IST

ক’ভিড-19ঃ মৰাণবাসীক সজাগ হোৱাৰ আহ্বান ৰাজহ চক্ৰ বিষয়াৰ
ক’ভিড-19ঃ মৰাণবাসীক সজাগ হোৱাৰ আহ্বান ৰাজহ চক্ৰ বিষয়াৰ

মৰাণ, 27 এপ্ৰিল : ৰাজ্য়ৰ লগতে দেশতক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে । ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰৰ অধীনত থকা গাঁওসমূহত 138 জন লোক ক'ভিড-19ত আক্ৰান্ত হৈছে । ইয়াৰে দুগৰাকী ক'ভিড-19 ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ৷

মৰাণৰ চিকিৎসালয় সমূহত বাঢ়ি অহা ক'ভিড-19ত আক্ৰান্তৰ সংখ্যাই চিন্তিত কৰি তুলিছে প্ৰশাসনক । কৰ'ণাৰ শেহতীয়া ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত মৰাণৰ ৰাজহ চক্ৰ বিষয়া লুকুমনি বৰাই সংবাদমেল আয়োজন কৰি মৰাণৰ ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় ।

ক’ভিড-19ঃ মৰাণবাসীক সজাগ হোৱাৰ আহ্বান ৰাজহ চক্ৰ বিষয়াৰ

মৰাণৰ ৰাইজক প্ৰয়োজনতহে মাস্ক পিন্ধি বাহিৰত ওলাবলৈ আহ্বান জনালে চক্ৰ বিষয়া গৰাকীয়ে ৷ কৰ’ণাৰ এই ভয়াৱহতাৰ সময়ত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত প্ৰশাসনে অধিক কঠোৰ হোৱা বুলি মন্তব্য কৰে ৷ মৰাণত প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া মূল্যতকৈ অধিক মূল্য বিচৰা বুলি ব্যৱসায়ীৰ বিৰুদ্ধে অভিযোগ দিলে মৰাণৰ প্ৰশাসনে বিহিত ব্যৱস্থা ল’ব বুলি মন্তব্য কৰে ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক : ধুমুহাই তচনচ কৰিলে নাৰায়ণপুৰৰ বহু লোকৰ বাসগৃহ

ABOUT THE AUTHOR

...view details