অসম

assam

ETV Bharat / city

টিংখাঙৰ পথাৰত জয়াৰ বিননি

এইবাৰ জেৰেঙাৰ পথাৰত নহয়, মাজনিশা টিংখাঙৰ পথাৰত জয়াৰ বিননি । 30 মাৰ্চ অৰ্থাৎ বুধবাৰে মাহমৰাৰ ১ নং থুলাই গাঁৱত ‘জয়া স্মৃতি দিৱস’ উদযাপন কৰা হ’ব (Jaya divash at Tingkhong) ৷ এই দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰৰ ৰচনা আৰু পৰাগ গগৈৰ পৰিচালনাৰ' জেৰেঙাৰ বিননি ' নামৰ এখন নাট মঞ্চস্থ হ'ব ৷

preparation-for-jaya-divash-at-tingkhong
টিংখাঙৰ পথাৰত জয়াৰ বিননি

By

Published : Mar 29, 2022, 10:48 PM IST

মৰাণ, 29 মাৰ্চ :জেৰেঙাৰ পথাৰত নহয়, এইবাৰ মাজনিশা টিংখাঙৰ পথাৰত জয়াৰ বিননি । চাউদাঙৰ অকথ্য নিৰ্যাতনত ছিটিকি পৰা জয়মতীৰ বুকু ভেদ কৰি যোৱা আৰ্তনাদ, গদাপানি আৰু লাই-লেচাইৰ উচুপনিৰে গুঞ্জৰিত হৈছে টিংখাঙ মাহমৰাৰ পথাৰ ।

30 মাৰ্চত মাহমৰা মহিলা আৰু যুৱতী সমাজৰ উদ্যোগত আৰু বৃহত্তৰ মাহমৰাবাসী ৰাইজৰ সহযোগত মাহমৰাৰ ১ নং থুলাই গাঁৱত ‘জয়া স্মৃতি দিৱস’ উদযাপন কৰা হ’ব (Jaya divash at Tingkhong) ৷ এই দিৱসৰ লগত সংগতি ৰাখি বিশিষ্ট নাট্যকাৰ ডিম্বেশ্বৰ কোঁৱৰৰ ৰচনা আৰু পৰাগ গগৈৰ পৰিচালনাৰ' জেৰেঙাৰ বিননি ' নামৰ এখন নাট মঞ্চস্থ হ'ব ৷

টিংখাঙৰ পথাৰত জয়াৰ বিননি

ইতিমধ্যে অঞ্চলটোৰ বহু সংখ্যক ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে প্ৰাণ ঢালি দিনে-নিশাই নাটখনৰ আখৰা কৰিছে ৷ এই দিৱসৰ আয়োজকে জনোৱা মতে, নাটখনক লৈ যথেষ্ট উৎসাহী হৈ পৰিছে কলা-কুশলী তথা উদ্যোক্তা সকল । লগতে এই নাটখনিৰ জৰিয়তে সতী জয়মতীৰ কাহিনী উপস্থাপন কৰা হ’ব বুলি জানিব দিয়ে আয়োজক মণ্ডলীয়ে ৷

লগতে পঢ়ক :পিএছঅ', মূল্যবৃদ্ধিৰ প্ৰসংগত কি যুক্তি দিলে মন্ত্রী পিযুষ হাজৰিকাই ?

ABOUT THE AUTHOR

...view details