অসম

assam

ETV Bharat / city

বিধ্বস্ত পথে অতিষ্ঠ কৰিছে মৰাণবাসীক - বিধায়ক

মৰাণত পথৰ ওপৰত একাঠু পানীৰ মাজেৰেই ৰাইজে ভয়ংকৰ যাতায়াত কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ইতিমধ্যে উক্ত পথটোত কেইবাজনো লোক আহত হব লগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে স্থানীয় ৰাইজ ৷

Poor Road Condition At Moran
মৰাণত বিধ্বস্ত পথত অতিস্থ ৰাইজ

By

Published : Jul 2, 2020, 5:53 PM IST

মৰাণ, 2 জুলাইঃ ডিব্ৰুগড়জিলাৰ মৰাণ সমষ্টিৰ তিলৈনগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত অভয়পুৰৰ এটা পথে জ্বলা-কলা খোৱাইছে ৰাইজক । একাঠু পানীৰ মাজেৰেই যাতায়াত কৰিব লগীয়া পৰিস্থিতি সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

মৰাণত বিধ্বস্ত পথত অতিস্থ ৰাইজ

মৰাণ সমষ্টিৰ তিলৈ নগৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত অভয়পুৰৰ এটা পথে দীৰ্ঘ দিন ধৰি জলা-কলা খোৱাইছে ৰাইজক । অভয়পুৰ নামঘৰৰ পৰা অভয়পুৰ মাজুলী চুবুৰি হৈ ফটিকাচোৱালৈকে থকা পথটোত এজাক বৰষুণতে সৃষ্টি হয় একাঠু একাঠু পানী । মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ বাসগৃহৰ নিচেই কাষতে থকা পথটো মেৰামতিৰ ব্যৱস্থা কৰি দিবলৈ ৰাইজে বিধায়ক গৰাকীক বহুবাৰ আৱেদন নিৱেদন কৰিছিল ৷ কিন্তু বিধায়ক জনে ৰাইজৰ আহ্বানক কোনো গুৰুত্ব নিদিয়া বুলি গুৰুতৰ অভিযোগ কৰে স্থানীয় ৰাইজে ৷

বৃহৎ অঞ্চলটোৰ প্ৰায় দুই শতাধিক পৰিয়ালৰ লোকে অহা যোৱা কৰা পথটো ৰাইজে নিজা খৰচেৰে কেইবা বাৰো মেৰামতি কৰিছিল, যদিও পথটোৰ ওপৰত পানী জমা হৈ থকাত এতিয়া যাতায়াতৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । ইতিমধ্যে পুখুৰী সদৃশ পথটোত বহু লোক দুৰ্ঘটনাত আহত হ'ব লগা হৈছে ৷ ইতিমধ্যে এই পথটোৰ মেৰামতিৰ দাবীত ৰাইজে প্ৰতিবাদো সাব্যস্ত কৰিছিল । তথাপিও যেন পথটোৰ ওপৰত সুদৃষ্টি পৰা নাই বিধায়ক গৰাকীৰ । নিৰ্বাচনৰ সময়ত অঞ্চলবাসীৰ কাষলৈ আহি ভোট ভিক্ষা কৰা বিধায়ক গৰাকীৰ বিৰুদ্ধে এতিয়া ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ । অতি শীঘ্ৰে পথটো মেৰামতি কৰি নিদিলে আগন্তুক বিধানসভা নিৰ্বাচনত উচিত শিক্ষা দিয়া হ'ব বুলিও ৰাইজে সকীয়নি প্ৰদান কৰিছে ।

লগতে পঢ়ক- ভিন্ন দাবীৰে যোৰহাটত কা-বিৰোধী ঐক্যৰ মঞ্চ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details