অসম

assam

ETV Bharat / city

ETV Bharatৰ বাতৰি প্ৰভাৱঃ দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত বহু লোকৰ - বাতৰি

Etv Bharatত বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতেই মৰাণৰ দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিল বহু বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বহু লোক ৷

Poor Family Help By NGO and More persons At Moran
ETV Bharatৰ বাতৰি প্ৰভাৱঃ দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত বহু লোকৰ

By

Published : Oct 23, 2020, 11:02 AM IST

মৰাণ, 23 অক্টোবৰঃডিব্ৰুগড়ৰ জকাই ২৭ ঘৰীয়া কৈৱৰ্ত গাঁৱৰ ৰেখামণি দাস নামৰ মহিলা গৰাকীয়ে বহু দুখ কষ্টৰ মাজেৰে জীৱন সংগ্ৰাম চলাবলগীয়া হৈছে । কাৰণ কেইবছৰ মান আগতেই স্বামীৰ মৃত্যু হোৱাত এতিয়া দিন হাজিৰা কৰি এজন পুত্ৰ আৰু দুজনী ৰোগীয়া কন্যাক বুকুত বান্ধি জীয়াই থাকিব লগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ৰেখামণি দাসৰ ।

ETV Bharatৰ বাতৰি প্ৰভাৱঃ দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত বহু লোকৰ

ইফালে কিছুদিন পূৰ্বে ডিজিটেল পৰ্টেল ইটিভি ভাৰতত এই দৰিদ্ৰ পৰিয়ালটোৰ জীৱন সংগ্ৰামৰ বিষয়ে এটা বাতৰি সম্প্ৰচাৰ হৈছিল ৷ ইতিমধ্যে উক্ত বাতৰি প্ৰভাৱত দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে 'ওৱান হেণ্ড,ওৱান হেল্প' নামৰ এটা NGO টোৰ লগতে বহু লোক ৷ ইফালে শনিবাৰে কাতি বিহুৰ দিনা 'ওৱান হেণ্ড,ওৱান হেল্প' নামৰ এটা NGO টোৰ বিষয়ববীয়া সকলে দৰিদ্ৰ পৰিয়ালটিক খাদ্য সামগ্ৰী আৰু বস্ত্ৰ প্ৰদান কৰে ৷

আনহাতে পৰিয়ালটিৰ অষ্টম শ্ৰেণীত অধ্যয়নৰত সন্তানটিক জকাই কোঁৱৰ গাঁৱৰ নিবাসী সংবাদ কৰ্মী মহানন্দ দত্তই দশম শ্ৰেণী লৈকে পঢ়োৱাৰ দায়িত্ব লোৱাৰ লগতে ৰোগীয়া সন্তান কেইটিক বিনামূলীয়াকৈ চিকিৎসাৰ বাবে চিকিৎসক তথা সমাজকৰ্মী ডাঃ সৈকত পাত্ৰই দায়িত্ব বহন কৰে ।

ইফালে,পৰিয়ালটিৰ দুখ- দুৰ্দশাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতো এই পৰিয়ালটিৰ বাবে কোনো ব্যৱস্থা নকৰিলে বুলি পঞ্চায়তৰ সভানেত্ৰী তথা স্থানীয় জনপ্ৰতিনিধিৰ বিৰুদ্ধে অভিযোগ কৰে একাংশ সচেতন ৰাইজে ।

লগতে পঢ়ক- পূজাৰ বতৰত ইটিভি ভাৰতৰ বিশেষ অনুষ্ঠান ...

ABOUT THE AUTHOR

...view details