ডিব্ৰুগড়, 19 মে' : ডিব্ৰুগড় আৰক্ষীৰ এনকাউন্টাৰত নিহত হ'ল হত্যাকাৰী প্ৰাক্তন SSB জোৱান সঞ্জয় দাস ৷ এক যুদ্ধ সদৃশ পৰিস্থিতিত ডিব্ৰুগড় আৰক্ষীৰ গুলীত নিহত হয় পত্নী, পুত্ৰ আৰু এজন আত্মীয়ক হত্যা কৰা সঞ্জয় দাস ৷
আৰক্ষীৰে তিনি ঘন্টাৰ শ্বাসৰুদ্ধকৰ গুলীয়াগুলিৰ অন্তত নিহত সঞ্জয় দাস - পুৱতি নিশা প্ৰায় 3:30 বজাত দাসৰ মৃত্যু হয়
ডিব্ৰুগড় আৰক্ষীৰ গুলীত নিহত হত্যাকাৰী সঞ্জয় দাস ৷ নিজ পত্নী-পুত্ৰ সহ এজন আত্মীয়ক হত্যা কৰিছিল সঞ্জয় দাসে ৷
ঘটনাৰ বিৱৰণী অনুসৰি, হত্যাকাণ্ড সংঘটিত কৰি এটা পৰিত্যক্ত বাসগৃহত আত্মগোপন কৰিছিল সঞ্জয় দাসে ৷ ইয়াৰ পাচতে ডিব্ৰুগড়ৰ এক বৃহৎ অঞ্চল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে ঘেৰাও কৰি ৰাখে ৷ নিশা প্ৰায় ১২:৩০ বজাত হঠাৎ গুলীৰ শব্দ শুনাত স্থানীয় ৰাইজৰ মাজত আতংকময় পৰিবেশৰ সৃষ্টি হয় ৷ ইয়াৰ পাচতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোকে দাসক আত্মসমৰ্পন কৰিবলৈ আহ্বান জনায় ৷ কিন্তু, দাসে এই আহ্বান অমান্য কৰি আৰক্ষীলৈ গুলিচালনা কৰে ৷ ফলত উপায়হীন হৈ আৰক্ষীয়েও গুলিচালনা কৰাৰ লগতে তিনিটাকৈ গ্ৰেণেড নিক্ষেপ কৰে ৷ পুৱতি নিশা প্ৰায় 3:30 বজাত দাসৰ মৃত্যু হয় ৷
উল্লেখ্য যে, সঞ্জয় দাসে সোমবাৰে পুৱা নিজ গৃহৰ ভিতৰতেই পত্নী,পুত্ৰ আৰু কিছু নিলগৰ এজন আত্মীয়ক গুলীয়াই হত্যা কৰি পলায়ন কৰিছিল ৷