মৰাণ, 2 এপ্ৰিল : ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ অন্তৰ্গত ফটিকাচোৱা নেপালী গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে কৰা গুলীচালনাৰ ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে(Police Firing at Moran) । স্থানীয় লোকে প্ৰকাশ কৰা অনুসৰি, নিশা প্ৰায় ১০ বজাত মৰাণ আৰক্ষীয়ে কৰিছিল এই গুলীচালনা ৷ আৰক্ষীৰ দলটোৱে এটা বাইক চোৰক কৰায়ত্ত কৰিবলৈ এই গুলীচালনা কৰে ৷
স্থানীয় লোকৰ অভিযোগ অনুসৰি, শুকুৰবাৰৰ নিশা প্ৰায় ১০ বজাত মৰাণ আৰক্ষীৰ এটা দলে চোৰৰ এটা দলৰ বিৰুদ্ধে চলাইছিল অভিযান ৷ সেই সময়তে ফটিকাচোৱা নেপালী গাঁৱত স্থানীয় যুৱক তথা গাঁওৰক্ষী বাহিনীৰ সদস্য শংকৰ চুতীয়াই স্কুটীৰে গৈ থকাত পিছফালৰ পৰা আৰক্ষী দলে ৰ’বলৈ নিৰ্দেশ প্ৰদান কৰে ৷