অসম

assam

ETV Bharat / city

28 এপ্ৰিলত অসমত 7 খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

এক যুগান্তকাৰী পদক্ষেপৰ সাক্ষী হ’বলৈ গৈ আছে ডিব্ৰুগড়ৰ লগতে অসমবাসী ৷ 28 এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিব্ৰুগড়ৰ পৰাই ৰাইজক সমৰ্পিত কৰিব নৱনিৰ্মিত কৰ্কট ৰোগৰ 7 খন চিকিৎসালয় (Modi to inaugurate seven cancer hospitals in Assam) । ইয়াৰ লগতে প্ৰধানমন্ত্ৰীয়ে নতুনকৈ নিৰ্মাণ হ'বলগীয়া 8 খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা স্থাপন কৰিব ।

pm-modi-to-inaugurate-seven-cancer-hospitals-in-assam-on-april-28
অসমত 7 খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে

By

Published : Apr 4, 2022, 11:51 AM IST

ডিব্ৰুগড়, 4 এপ্ৰিল : ডিব্ৰুগড় ভ্ৰমণসূচীৰ অংশ হিচাপে দেওবাৰে নিশা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক লৈ ডিব্ৰুগড়ত নিৰ্মাণ সম্পূৰ্ণ হোৱা অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচনৰ(Assam Cancer Care Foundation) অধীনস্থ কৰ্কট চিকিৎসালয়খন পৰিদৰ্শন কৰি সা-সুবিধাসমূহৰ বুজ লয় । অসম মেডিকেল কলেজ আৰু হাস্পতালত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 28 এপ্ৰিলত ডিব্ৰুগড়লৈ অহাৰ সম্ভাৱনা থকাৰ কথা ব্যক্ত কৰে (PM likely to visit Assam on April 28) ।

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

প্ৰধানমন্ত্ৰীয়ে অসমত নৱনিৰ্মিত কৰ্কট ৰোগৰ চিকিৎসালয় 7 খন মুকলি কৰাৰ কথা ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে অসমত নতুনকৈ নিৰ্মাণ হ’বলগীয়া আন 8 খন কৰ্কট ৰোগৰ চিকিৎসালয়ৰ আধাৰশিলা প্ৰধানমন্ত্ৰীয়ে স্থাপন কৰাৰ কথা জানিবলৈ দিয়ে । মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ অসমৰ হৈ অনুষ্ঠানটিত ডিব্ৰুগড়তে অনুষ্ঠিত হ'ব ।

ইয়াৰ উপৰিও ডিব্ৰুগড়ত নতুনকৈ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱা কৰ্কট ৰোগৰ চিকিৎসালয়খন প্ৰধানমন্ত্ৰীয়ে পৰিদৰ্শন কৰাৰ সম্ভাৱনা থকাৰ কথা জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই । অৱশ্যে এতিয়াও প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচী সম্পূৰ্ণকৈ তৈয়াৰ হোৱা নাই যদিও প্ৰাৰম্ভিক খবৰ অনুসৰি কামবিলাক তেনেধৰণেৰে কৰা বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

মুখ্যমন্ত্ৰী শৰ্মাৰ ডিব্ৰুগড় ভ্ৰমণসূচীৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, সতীৰ্থ মন্ত্ৰী ক্ৰমে কেশৱ মহন্তৰ লগতে অজন্তা নেওগ, অতুল বৰা, সঞ্জয় কিষাণকে ধৰি কেইবাগৰাকী বিধায়ক ৷

লগতে পঢ়ক :শীঘ্ৰেই অসমলৈ আহিব ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্রী, গৃহমন্ত্রী আৰু প্ৰতিৰক্ষা মন্ত্রী

For All Latest Updates

ABOUT THE AUTHOR

...view details