অসম

assam

ETV Bharat / city

দিল্লীত অখিল গগৈৰ সৈতে পীযুষ হাজৰিকাৰ চাহমেল: মুখ খুলিলে পীযুষ হাজৰিকাই - akhil gogoi

কেইদিনমান পূৰ্বে দিল্লীত মিলিত হৈছিল পীযুষ হাজৰিকা আৰু অখিল গগৈ ৷ উপ-নিৰ্বাচনৰ প্ৰাক ক্ষণত কিয় এইদৰে দিল্লীত মিলিত হৈছিল দুটা পৃথক দলৰ দুয়ো নেতা ? বহুতৰ মনত উদয় হৈছে এই প্ৰশ্ন ৷ অৱশেষত ৰহস্যৰ ওৰ পেলাই মিলনৰ প্ৰকৃত সত্য সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে পীযুষ হাজৰিকাই ৷

Minister Pijush Hazarika
পীযুষ হাজৰিকা

By

Published : Sep 1, 2021, 5:09 PM IST

মৰাণ, 1 ছেপ্টেম্বৰ : ক’ভিডৰ দ্বিতীয় ঢৌৰ প্ৰকোপ কিছু কমিছে ৷ লগে লগে ৰাজ্যত বলিছে আন এজাক বতাহ ৷ উপ-নিৰ্বাচনৰ বতাহ ৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব অসমৰ ছটাকৈ সমষ্টিত ৷ যাক লৈ জল্পনা-কল্পনা আৰম্ভ কৰিছে শাসক-বিৰোধী উভয় পক্ষই ৷ বিভিন্ন বৈঠক বহিছে ৰাজনৈতিক দলৰ মাজত ৷ তাৰ মাজত বিশেষ চৰ্চা লাভ কৰিছে দিল্লীত পীযুষ হাজৰিকা আৰু অখিল গগৈৰ কথোপকথনৰ বিষয়টোৱে ৷

লগতে পঢ়ক :এ আই ইউ ডি এফৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ : কংগ্ৰেছৰ ক'ৰ কমিটিৰ বৈঠকত সিদ্ধান্ত

শেষহতীয়াকৈ মহাজোঁট সম্পৰ্কীয় আলোচনাৰ বাবে দিল্লী লৈ গৈছিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ক্ষেত্ৰত অখিল গগৈয়ে স্বৰ্ত ৰাখিছিল যে, এ আই ইউ ডি এফ থাকিলে অখিল গগৈয়ে নকৰে মিত্ৰতা ৷ তাৰ কিছুদিন পাচতে কংগ্ৰেছৰ ক’ৰ কমিটীয়ে বৈঠকত সিদ্ধান্ত অনুসৰি মহাজোঁটৰ পৰা বিদায় দিয়া হ’ল এ আই ইউ ডি এফক ৷ ক’ৰ কমিটীৰ এই সিদ্ধান্তত কপাল ফুলিল অখিল গগৈৰ ৷

অখিল গগৈৰ সৈতে কি আলোচনা হ’ল দিল্লীত

কিন্তু এইখিনিতে চৰ্চা হৈছে দিল্লীত অখিল গগৈয়ে কি কথা পাতিলে পীযুষ হাজৰিকাৰ সৈতে ৷ শেহতীয়াকৈ এই সন্দৰ্ভত মুখ খুলিলে পীযুষ হাজৰিকাই ৷ থাওৰা সমষ্টিৰ অন্তৰ্গত ডিমৌত এক সাংগঠনিক সভাত ভাগ লোৱাৰ অন্তত পীযুষ হাজৰিকাই কয় যে, অসমৰ ৰাইজে সন্দেহ কৰিব লগীয়াকৈ কোনো কথা হোৱা নাই অখিল গগৈৰ সৈতে ৷ অসম হাউচত একেলগে আছিল দুয়োজন নেতা ৷ গতিকে এজনে আনজনক লগ কৰাতো স্বাভাৱিক কথা বুলি উল্লেখ কৰে মন্ত্ৰী হাজৰিকাই ৷

লগতে পঢ়ক :ৰঙা চিলিণ্ডাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক

তেওঁ কয় যে, এয়া আছিল অনানুষ্ঠানিক বাৰ্তালাপ ৷ দুয়োজন অসমীয়া বিধায়ক, সেয়ে একেলগে চাহ খাইছিল দুয়ো ৷ যি কি নহওক উপ-নিৰ্বাচনৰ এই উকমুকনিৰ সময়ত দুয়ো নেতা দিল্লীত মিলিত হোৱা বিষয়টোৱে যঠেষ্ট তাৎপৰ্যৰ সৃষ্টি কৰিছে ৷

এই খিনিতে উল্লেখ কৰিব লাগিব যে, যিহেতু ৰাজ্যৰ ক’ভিড পৰিস্থিতি যিহেতু কিছু শাম কাটিছে গতিকে শীঘ্ৰেই হয়তো অনুষ্ঠিত কৰা হ’ব উপ-নিৰ্বাচন ৷ গোসাইগাঁও, ভবানীপুৰ, তামুলপুৰ, মাজুলী, মৰিয়নি আৰু থাওৰা এই ছটা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন ৷ গোসাইগাঁও আৰু তামুলপুৰ সমষ্টিৰ নিৰ্বাচিত বিধায়ক ক্ৰমে মাজেন্দ্ৰ নাৰ্জাৰী আৰু লেহুৰাম বড়োৰ আকস্মিক মৃত্যুৰ পাচত খালী হৈ আছে বড়োভূমিৰ এই দুখন আসন ৷

লগতে পঢ়ক :সকলো মুকলি হ'ল : নতুন SOP ঘোষণা চৰকাৰৰ

আনহাতে, মাজুলী সমষ্টিৰ বিধায়ক সৰ্বানন্দ সোণোৱালে বিধায়ক পদ এৰি গ্ৰহণ কৰিলে কেন্দ্ৰীয় কেবিনেটৰ মন্ত্ৰীৰ দায়িত্ব ৷ ইফালে মৰিয়নি আৰু থাওৰাৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহায়ে বিধায়ক পদৰ লগতে কংগ্ৰেছ দল ত্যাগ কৰি ইতিমধ্যে যোগ দিলে বিজেপিত ৷ একেদৰে শেহতীয়াকৈ ভবানীপুৰ সমষ্টিৰ এ আই ইউ ডি এফৰ বিধায়ক ফনীধৰ তালুকদাৰেও বিধায়ক পদ তথা দল এৰি বিজেপিৰ শৰণাপন্ন হৈ পৰিল ৷

গতিকে এতিয়া এই ছখন আসনৰ বাবে পুনৰ সমষ্টি কেইটা উপ-নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব ৷ যাৰ পৰিপ্ৰেক্ষিতত শাসক-বিৰোধী উভয় পক্ষ এতিয়া কঁকালত টঙালি বান্ধি সাজু হৈছে আন এখন যুঁজলৈ ৷ এই নিৰ্বাচন অৱশ্যে বিজেপিৰ বাবে পৰিণত হ’ভ এক টাৰ্ণিং পইন্টত ৷ ছখনৰ ভিতৰত যদি 4 খনত বিজেপিয়ে নিজা দলীয় প্ৰাৰ্থী জয় কৰিব পাৰে তেন্তে বিজেপি হৈ পৰিব একক সংখ্যা গৰিষ্ঠ দল ৷

লগতে পঢ়ক :কংগ্ৰেছ-এ আই ইউ ডি এফে বিচ্ছেদৰ সাময়িক নাটক কৰিছে : বিজেপি

ABOUT THE AUTHOR

...view details