গুৱাহাটী, 4 জুনঃ ভাৰতীয় জল পৰিবহণ সঞ্চালকালয়ে ফেৰী আৰু নাও যাত্ৰীৰ সুৰক্ষাৰ বাবে বাধ্যতামূলক কৰিছে লাইফ জেকেট পৰিধান ৷ বিগত সময়ত ব্ৰহ্মপুত্ৰত নাওঁ দুৰ্ঘটনা হৈ বহু লোকৰ সলিল সমাধি হোৱা ঘটনাৰ পুনৰাবৃত্তি নহ'বৰ বাবেই আভ্যন্তৰীণ জল পৰিবহণ বিভাগে হাতত লৈছে এই বিশেষ ব্যৱস্থা ৷ জল পৰিবহণ বিভাগৰ নিৰ্দেশ মতে যাত্ৰাৰ সময়ছোৱাত ফেৰী আৰু নাঁৱত যিমান সংখ্যক যাত্ৰী থাকে সকলো যাত্ৰীৰ লগতে কৰ্মচাৰী সকলেও লাইফ জেকেট পিন্ধাটো বাধ্যতামূলক কৰিছে ৷ জল পৰিবহণ বিভাগৰ সঞ্চালকালয়ে বৰ্তমানলৈকে ৪৩৫০ টা লাইফ জেকেট আৰু ২১৭৫ টা আন জীৱন সুৰক্ষা সৰঞ্জাম অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পৰা ক্ৰয় কৰিছে ।
এতিয়াৰ পৰা ফেৰী আৰু নাও যাত্ৰীৰ বাবে বাধ্যতামূলক লাইফ জেকেট - আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকাল
সময়ে সময়ে অসমত নাও দুৰ্ঘটনা সংঘটিত হৈ বহু লোকে প্ৰাণ হেৰুৱাই আহিছে । যাত্ৰী আৰু কৰ্তৃপক্ষৰ অসাৱধানতাৰ ফলতেই বহুবাৰ সংঘটিত হৈছে দুৰ্ঘটনা । এনে দুৰ্ঘটনাৰ পৰা পৰিত্ৰাণ পাবলৈ আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়ে বাধ্যতামূলক কৰিছে লাইফ জেকেট পৰিধান

এতিয়াৰ পৰা ফেৰী আৰু নাও যাত্ৰীৰ বাবে বাধ্যতামূলক লাইফ জেকেট
এতিয়াৰ পৰা ফেৰী আৰু নাও যাত্ৰীৰ বাবে বাধ্যতামূলক লাইফ জেকেট
তথাপিও জল পৰিবহণ বিভাগৰ হাতত পৰ্যাপ্ত পৰিমাণে লাইফ জেকেট এতিয়াও নাই ৷ যদিও জল পৰিবহণ বিভাগে যাত্ৰীসকলৰ সুৰক্ষাৰ্থে লাইফ জেকেট পিন্ধাটো অনিবাৰ্য কৰিছে কিন্তু যাত্ৰীসকলে এই লাইফ জেকেট পিন্ধিবলৈ সংকোচ কৰে । যাৰ ফলত জল পৰিবহণ বিভাগৰ কৰ্মচাৰী সকলে নানা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে । এচাম লোকে জল পৰিবহণ বিভাগৰ এই নিৰ্দেশনাক আদৰি লৈছে যদিও আন এচাম যাত্ৰীয়ে এতিয়াও লাইফ জেকেট অবিহনেই যাত্ৰা কৰা পৰিলক্ষিত হৈছে ৷
আৰু পঢ়কঃ মাজুলীত ফেৰীৰ পৰা লুইতত পৰিল শ্ৰমিকঃ এতিয়াও নাই সন্ধান