মৰাণ, 9 ডিচেম্বৰ :আঘোণৰ সোণোৱালী পথাৰত এতিয়া ব্যস্ত গাঁৱৰ প্ৰতিগৰাকী চহা খেতিয়ক । হাতত কাঁচি লৈ পথাৰৰ পকা ধান দোৱাত ব্যস্ত দাৱনীসকল । কিন্তু এইবাৰ এক বিপৰীত দৃশ্য দেখা গৈছে নাহৰকটীয়াৰ চাচনীৰ ৰংপুৰ দীঘলী আৰু দীঘলী বিলগাঁৱৰ পথাৰত । কাৰণ গাঁওখনত থকা প্ৰায় ২০০ বিঘা মাটিত আহাৰ-শাওন মাহত পথাৰত পানীৰ অভাৱত পথাৰ চিৰালফাঁট মৰাত সময়ত খেতি কৰিব নোৱাৰিলে গাঁৱৰ ৰাইজে ।
জলসিঞ্চন বিভাগ(Irrigation Department in Assam)ক বাৰম্বাৰ আবেদন-নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ সুফল নোপোৱাত গাঁৱৰ ৰাইজে নিজে টালি টোপোলা মাৰি পলমকৈ হ’লেও কৃষিকাৰ্য আৰম্ভ কৰি অলপ হ'লেও আশাৰ ৰেঙনি দেখিছিল যদিও এতিয়া সেই খেতিৰ ধান পৰিণত হৈছে পতানলৈ । যাৰ পৰিপ্ৰেক্ষিতত বছৰটোৰ বাবে কৃষকে সপোন ৰচা খেতিদৰাত ধানৰ সলনি পতান দেখি মূৰত সৰগ ভাগি পৰা অৱস্থা হৈছে গাঁওখনৰ চহা কৃষকসকলৰ । উপায়ন্তৰ হৈ সেই পতান ধৰা ধানসমূহ কাটি গৰু ছাগলী আৰু হাঁহ কুকুৰাকহে খাবলৈ দিব লগা হৈছে কৃষকসকলে ।