মৰাণ, 25 মাৰ্চ : বিজেপিৰ এক নিৰ্বাচনী সভাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰসাদ নাড্ডাই কৰা মন্তব্যৰ বিৰোধীতা কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৷ অসমত বিজেপি চৰকাৰে পুনৰ জয়ী হ'লে 'কা' বলৱৎ কৰা হ'ব বুলি নাড্ডাই কৰা মন্তব্যৰ বিৰোধীতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে চাংমাইয়ে ৷
উল্লেখ্য যে, 'কা' অসমত বলৱৎ কৰা হ'ব বুলি জে পি নাড্ডাই মন্তব্য কৰাৰ পাচতে ৰাজ্যজুৰি বিভিন্ন দল-সংগঠনে তীব্ৰ আন্দোলনৰ হুংকাৰ দিছে ৷ আনহাতে, বুধবাৰে সমগ্ৰ ৰাজ্যতে আছুয়ে নাড্ডাৰ মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷