মৰাণ,2 জানুৱাৰী :ইংৰাজী নৱবৰ্ষৰ আৰম্ভণিতেই উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়ত সংযোজন হোৱা এটা বিশেষ পদক্ষেপে কঢ়িয়াই আনিছে সুখবৰ । ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত ভাৰত চৰকাৰৰ উদ্যোগত তথা অসম চৰকাৰৰ তত্বাৱধানত তিনি মাহ পূৰ্বৰে পৰা নিৰ্মাণ কৰা দুটা অক্সিজেন জেনেৰেশ্যন প্লান্ট বছৰটোৰ প্ৰথমটো দিনৰ পৰাই পৰীক্ষণমূলকভাৱে কাৰ্যক্ষম কৰা হৈছে । ইয়াৰ ফলত সকাহ লাভ কৰিব শ শ ৰোগীয়ে । বৃহদাকাৰ দুটা অক্সিজেন জেনেৰেশ্যন প্লান্টত মুঠ 40 হাজাৰ কেজি লিকুইড গেছ সংৰক্ষণ কৰি তাক অক্সিজেনলৈ ৰূপান্তৰিত কৰাৰ ব্যৱস্থা কৰা হৈছে ।
অক্সিজেন উৎপাদনৰ এই ব্যৱস্থা অসম চিকিৎসা মহাবিদ্যালয়তে আৰম্ভ কৰাত এতিয়াৰে পৰা বিগত সময়চোৱাত সৃষ্টি হোৱা অক্সিজেনৰ নাটনি দূৰ হোৱাত যথেষ্ট সহায়ক হৈ পৰিব বুলি সদৰী কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কুমাৰ কাকতি আৰু অধিক্ষক ডাক্তৰ প্ৰশান্ত দিহিংগীয়াই । অক্সিজেন জেনেৰেশ্যন প্লান্ট দুটা কাৰ্যক্ষম হৈ উঠাৰ লগে লগে মেডিচিন আইচিইউ,চেন্ট্ৰেল আইচিইউ,ক'ভিড আইচিইউৰ ৰোগীক প্ৰয়োজনীয় অক্সিজেন যোগান ধৰিবলৈ সক্ষম হৈছে ।