মৰাণ, 20 জুন : চৰাইদেউ জিলাৰ অভয়পুৰ সংৰক্ষিত বনাঞ্চলত একাংশ নগা দুষ্কৃতিকাৰীৰ অবাধ বিচৰণ সন্দৰ্ভত বিভিন্ন মাধ্যমত চর্চা চলিছিল । ইয়াৰ পৰিপ্ৰেক্ষিতত শেহতীয়াকৈ সোণাৰি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ সহযোগত চৰাইদেউ জিলা প্ৰশাসন আৰু চিআৰপিএফৰ দ্বাৰা যৌথ অভিযান চলোৱা হয় বনাঞ্চলখনত । ইফালে বনাঞ্চলখনৰ ভিতৰত থকা জয়মতী বন শিবিৰটো ২০০২ চনতে বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত দুষ্কৃতিকাৰীৰ দপদপনি বৃদ্ধি হোৱাৰ লগতে বিভিন্ন সময়ত বনাঞ্চলৰ মাটি বেদখল তথা কাঠৰ চোৰাং সৰবৰাহ বৃদ্ধি পোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে ।
তেনে সময়তে বন বিভাগে অভিযান চলাই বনাঞ্চলখনৰ ভিতৰত অস্তিত্বহীন জয়মতী বন শিবিৰটো অতি শীঘ্ৰে স্থাপন কৰা হ'ব বুলি মন্তব্য কৰিছে সোণাৰি আঞ্চলিক বন বিষয়াই ৷ সোণাৰিৰ বন বিষয়াই জনোৱা মতে অতি শীঘ্ৰে নগা প্ৰশাসন আৰু অসম চৰকাৰৰ বন বিষয়াৰ উচ্চ বিষয়াসকলৰ সৈতে বনাঞ্চলৰ বিষয়টোক লৈ এক আলোচনা কৰা হ’ব ৷ বনাঞ্চলখনত বৰ্তমান চোৰাংভাৱে কৰা কাঠৰ সৰবৰাহ বহু পৰিমাণে কমিছে বুলি বিষয়াজনে জানিবলৈ দিয়ে ৷