অসম

assam

ETV Bharat / city

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ সোণাৰিৰ ব্যক্তি - বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ সোণাৰিৰ ব্যক্তি

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ সোণাৰিৰ ব্যক্তি ৷ বিগত এসপ্তাহে নিৰুদ্দেশ হৈ থকা লোকজনক বিচাৰি পৰিয়ালৰ মাজত সৃষ্টি হৈ হাহাকাৰ পৰিস্থিতিৰ(One person from Sonari crossed Pakistan Border) ৷

one-person-from-sonari-crossed-to-pakistan-by-mistake
বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ সোণাৰিৰ ব্যক্তি

By

Published : Jul 13, 2022, 9:11 PM IST

Updated : Jul 13, 2022, 9:22 PM IST

মৰাণ, 13 জুলাই :বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ চৰাইদেউ জিলাৰ সোণাৰিৰ এজন ব্যক্তি(One person from Sonari crossed Pakistan Border) । উল্লেখ্য যে, চৰাইদেউ জিলাৰ সোণাৰি কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মনোজ ওজা নামৰ লোকজন নিৰুদ্দেশ হৈ আছে বিগত এসপ্তাহে ।

তথ্য অনুসৰি বিগত এমাহৰ আগতে ৰাজস্থানত কাম কৰিবলৈ বুলি কাকতিবাৰীৰ চেলেংগাওঁস্থিত ঘৰৰপৰা গৈছিল মনোজ ওজা । ৰাজস্থানৰ এটা প্লাইউড ফেক্টৰীত এমাহ কাম কৰাৰ পাছত বিগত ৭ জুলাইত লোকজনে ঘৰলৈ বুলি ৰাওনা হোৱাৰ উদ্দেশ্যে জয়পুৰ ৰে'ল ষ্টেচনত উপস্থিত হয় । কিন্তু দুৰ্ভাগ্যজনকভাৱে লোকজনে দিকবিদিক হেৰুৱাই পাকিস্তান অভিমুখী ট্ৰেইন এখনত উঠে আৰু তেওঁৰ নথি-পত্ৰ সহিতে এটা বেগ ষ্টেচনতে ৰৈ যায় ।

বহিঃৰাজ্যত কাম কৰিবলৈ গৈ পাকিস্তান পালেগৈ সোণাৰিৰ ব্যক্তি

পৰৱৰ্তী সময়ত জয়পুৰ ৰে'ল ষ্টেচন কৰ্তৃপক্ষই উদ্ধাৰ কৰা মনোজ ওজাৰ বেগত থকা আধাৰ কাৰ্ডৰ পৰা ফোন নম্বৰ সংগ্ৰহ কৰি পৰিয়ালৰ সৈতে যোগাযোগ কৰাত সমগ্ৰ ঘটনা সন্দৰ্ভত জানিব পাৰে পৰিয়ালৰ লোকসকলে ।

ইয়াৰ পাছতেই বিগত ৮ জুলাইত মনোজ ওজা নামৰ লোকজনে আন এজন লোকৰ ম'বাইল ফোনৰ পৰা ঘৰলৈ ফোন কৰি তেওঁ পাকিস্তান সীমান্তত থকা বুলি জানিবলৈ দিয়ে আৰু তেওঁক তাৰ পৰা উদ্ধাৰ কৰিবলৈ পৰিয়ালক অৱগত কৰাত এতিয়া লোকজনৰ পৰিয়ালৰ মাজত এক হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে । ইফালে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত কাকতিবাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰা হৈছে যদিও আজিলৈকে কোনো ধৰণৰ শুংসুত্ৰ লাভ কৰা নাই মনোজ ওজাৰ পৰিয়ালে ।

লগতে পঢ়ক :Justice after 31 years: ৩১ বছৰৰ পাছত ন্যায় পালে আনন্দ শইকীয়াই

Last Updated : Jul 13, 2022, 9:22 PM IST

ABOUT THE AUTHOR

...view details