ডিব্ৰুগড়, 30 আগষ্টঃডিব্ৰুগড় ডুলিয়াজানৰ ঘোঁৰামৰা তিনিআলিৰ সমীপত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা । এ এচ ০৬ টি 4255 নম্বৰৰ স্কুটি আৰোহীজনক কোনো বাহনে খুন্দিওৱাৰ ফলতেই সংঘটিত হয় উক্ত দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত স্কুটি খন চূৰ্ণ-বিচুৰ্ণ হোৱাৰ লগতে থিতাতে নিহত হয় স্কুটি আৰোহীজন । মৃত লোক জন সুনিল কেওট বুলি জানিব পৰা গৈছে । মৃত লোক জনৰ ঘৰ ডিব্ৰুগড়ৰ বৈৰাগীমঠত বুলি জানিব পৰা গৈছে ।
ডুলিয়াজানত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন - ডুলিয়াজান
ডুলিয়াজানৰ ঘোঁৰামৰা তিনিআলিৰ সমীপত সংঘটিত হয় এটা ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত থিতাতে নিহত হয় এজন স্কুটি আৰোহী ৷
ডুলিয়াজানত পথ দুৰ্ঘটনাত থিতাতে নিহত এজন
উক্ত ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক অৱগত কৰে ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰিছে ৷ আনহাতে দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰা গাড়ীখন বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা নাই । ইফালে আৰক্ষীয়ে ঘটনাটো সংঘটিত কৰা বাহন খনৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক- ব্ৰহ্মপুত্ৰত উদ্ধাৰ কিশোৰীৰ মৃতদেহ