ডিব্ৰুগড়,19 জুন : কৰ'ণা মহামাৰী (COVID-19) ৰ আতংকৰ মাজতে এইবাৰ ডিব্ৰুগড়ত সৃষ্টি হৈছে বাঘৰ আতংক । অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (ASSAM MEDICAL COLLEGE HOSPITAL) সমীপত জনবসতিপূৰ্ণ অঞ্চলত দীৰ্ঘদিনৰে পৰা দুটা নাহৰফুটুকী বাঘে আতংকময় পৰিৱেশ সৃষ্টি কৰি আহিছিল । শনিবাৰে ডিব্ৰুগড়ৰ বন বিভাগে অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সমীপৰ জালান চাহ বাগিচাত পাতি থোৱা এটা পিঞ্জৰাত পিঞ্জৰাবদ্ধ হয় এটা প্ৰকাণ্ড নাহৰফুটুকী ।
আনহাতে, ডিব্ৰুগড় জিলা(DIBRUGARH DISTRICT) ৰ জালান চাহ বাগিচাতে আন এটা প্ৰকাণ্ড নাহৰফুটুকীসহ কেইবাটাও বাঘৰ পোৱালি স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে বুলি জানিব পৰা গৈছে । ইফালে কিছুদিন পূৰ্বে কেইবাটাও বাঘৰ পোৱালী প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে । ইয়াৰ পূৰ্বে ডিব্ৰুগড়ৰ পল্টন বজাৰস্থিত এগৰাকী লোকৰ বাসগৃহৰ ভিতৰত এটা নাহৰফুটুকী বাঘ সোমোৱাৰ লগতে পাঁচআলিতো এটা পৰিত্যক্ত গৃহত সোমাইছিল আন এটা প্ৰকাণ্ড বাঘ (TIGER)।