অসম

assam

By

Published : Apr 26, 2021, 7:25 PM IST

ETV Bharat / city

ব্ৰক্ষপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি 13 বছৰীয়া কিশোৰৰ

ডিব্ৰুগড়ত বহ্মপুত্ৰত গা ধুবলৈ গৈ এটি ১৩ বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটে ৷ SDRF বাহিনীৰ তৎপৰতাত ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় অভিজিৎ মণ্ডল নামৰ কিশোৰ জনৰ মৃতদেহ ৷

One 13 Years Old Boy death in the Brahmaputra  river
ব্ৰক্ষপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি এটি 13 বছৰীয়া কিশোৰৰ

ডিব্ৰুগড়, 26 এপ্ৰিল : ডিব্ৰুগড় কছাৰীঘাটত সোমবাৰে সংঘটিত হয় এটা শোকাৱহ ঘটনা ৷ ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ এটি ১৩ বছৰীয়া কিশোৰৰ সলিল সমাধি ঘটে। নিহত কিশোৰগৰাকী অভিজিত মণ্ডল বুলি জানিবলৈ পোৱা গৈছে ।

ঘটনা অনুসৰি, ডিব্ৰুগড়ৰ শান্তি পাৰাৰ বেলপট্টিৰ ৰাজু সিং, সংস্কাৰ ঘোষ, সুমিত ভট্ট আৰু অভিজিৎ মণ্ডল নামৰ চাৰিগৰাকী কিশোৰে ব্ৰহ্মপুত্ৰত গা-ধুই আছিল। গা ধুই থকা অৱস্থাতে হঠাৎ লুইতৰ সোঁতে চাৰিজনকে উটুৱাই নিয়ে ৷ কিন্তু ৰাজু সিং আৰু সুমিত ভট্টই কথমপি সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হয় যদিও সংস্কাৰ ঘোষ আৰু অভিজিৎ মণ্ডলক ব্ৰহ্মপুত্ৰৰ সোঁতে উটুৱাই নিয়ে ৷

ব্ৰক্ষপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি এটি 13 বছৰীয়া কিশোৰৰ

উল্লেখ্য যে, উক্ত ঘটনাটো চাজিদ আনচাৰি নামৰ আন এজন যুৱকে প্ৰত্যক্ষ কৰাত দৌৰি আহি কোনোমতে জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হয় সংস্কাৰ ঘোষক ৷ আনহাতে, অভিজিৎ মণ্ডল নামৰ কিশোৰজন ব্ৰহ্মপুত্ৰত সন্ধানহীন হৈ পৰে।

স্থানীয় ৰাইজে ততালিকে ঘটনা সন্দৰ্ভত SDRF বাহিনীক খবৰ দিয়ে ৷ ঘটনাস্থলীত SDRF বাহিনীৰ লোক উপস্থিত হৈ ততালিকে ব্ৰহ্মপুত্ৰত অভিযান চলাই অভিজিৎ মণ্ডল নামৰ কিশোৰজনক মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক-ক’ভিড-১৯ সন্দৰ্ভত বিৰোধীৰ সদিচ্ছা নাই: সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details