অসম

assam

ETV Bharat / city

5 বজাৰ শীৰ্ষ 10 টা বাতৰি - NEWS@5

5 বজাৰ শীৰ্ষ 10 টা বাতৰি

news-at-5
5 বজাৰ শীৰ্ষ 10 টা বাতৰি

By

Published : Apr 15, 2022, 5:03 PM IST

সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা ৰীতি-নীতিৰে বৰপেটাত ব'হাগ বিহু উদযাপন

চৌদিশে ৰঙালীৰ ৰঙ । পহিলা ব'হাগত মানুহৰ বিহু বা বৰ বিহু উদযাপন কৰিছে অসমবাসীয়ে(Rangali Bihu 2022) । বছৰটো কুশলে যাবলৈ সত্ৰ-নামঘৰ-মন্দিৰত ভিৰ কৰিছে ভক্তই । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো ধৰ্মীয় ৰীতি-নীতিৰে পালন কৰা হৈছে অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহু ।

উৰন্ত INDIGO বিমানত যাত্ৰীৰ মোবাইলত জুই

ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী INDIGO বিমানত অঘটন(Accident on INDIGO flight from Dibrugarh to Delhi) । উৰন্ত বিমানৰ ভিতৰত এগৰাকী যাত্ৰীৰ মোবাইলত জুই লগাত হাঁহাকাৰ লাগে বিমানখনৰ ভিতৰত(Fire broke out inside a moving plane) । কেবিন ক্ৰু সদস্যৰ তৎপৰতাত নিৰ্বাপিত জুই ।

ড্ৰাগছসহ লাহৰীজান আৰক্ষীৰ জালত সৰবৰাহকাৰী

ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত (Assam police against Drugs)। প্ৰতিদিনে ড্ৰাগছ সেৱনকাৰী তথা ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীয়ে কৰায়ত্ত কৰিছে যদিও বৰ্তমানেও একাংশই আৰক্ষীৰ চকুত ধুলি দি চলাই আছে এই বেহা । এইবাৰ লাহৰীজানত বুজন পৰিমাণৰ হেৰ'ইনসহ আটক এজনক ।

মিৰাটত গ্ৰেপ্তাৰ গো-মাফিয়া আকবৰ বানজাৰা

গো-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ আৰক্ষীৰ অভিযান (Police operation against cow mafia) । কিন্তু আৰক্ষীৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল কুখ্যাত গো-মাফিয়া আকবৰ বানজাৰা । অৱশেষত আৰক্ষীৰ জালত গো- মাফিয়া আকবৰ ।

মুখ্যমন্ত্ৰীৰ আগমনক লৈ তৎপৰ কাৰ্বি আংলং জিলা প্ৰশাসন

কেইবাটাও কাৰ্যসূচীৰে শুকুৰবাৰে ডিফুত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sharma to arrive in Karbi Anglong)। মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সমগ্ৰ জিলাখনত । দুদিনীয়া ভ্ৰমণসূচীত কেইবাটাও উল্লেখযোগ্য আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীয়ে ।

Ranbir Alia wedding: ৰণবীৰৰ বিয়াত কইনাৰ পিছতেই সৰ্বাধিক চৰ্চা লাভ কৰা কোন এই সুন্দৰী

ৰণবীৰ আলিয়াৰ বিয়াত উপস্থিত প্ৰতিগৰাকী অতিথিৰেই সাজসজ্জা চকুত লগা আছিল (Ranbir Alia wedding) ৷ কিন্তু তাৰ মাজতো এতিয়া সকলোৰে মুখে মুখে মাথো এটাই নাম ৷ তেওঁৰ পোছাকৰ পৰা আৰম্ভ কৰি মেকআপ, গহনা এই সকলোবোৰ লৈ চৰ্চা চলিছে সামাজিক মাধ্যমত ৷ জানোচোন আহক কোন এই বলীউড তাৰকা-

Storm in Barpeta : লুৰফুৰীয়াত ধুমুহাই প্ৰাণ কাঢ়িলে বিশেষভাৱে সক্ষম এগৰাকী যুৱতীৰ

ব’হাগৰ আৰম্ভণিতে বৰদৈচিলাই ৰাজ্যত চলাই তাণ্ডৱ (Storm in Barpeta) ৷ গৰু বিহুৰ দিনা সন্ধিয়া অহা এজাক কাল ধুমুহাই প্ৰাণ কাঢ়িলে বৰপেটা আৰক্ষী থানাৰ অন্তৰ্গত লুৰফুৰীয়া গাঁৱৰ খবিৰ উদ্দিনৰ বিশেষভাৱে সক্ষম কন্যা ফুলজান নেছাৰৰ ৷ ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত পৰিছে এতিয়া শোকৰ ছাঁ ৷

গৰুখুটিত চলিছে কি ?

বেদখলকাৰীৰৰ উচ্ছেদৰ পিছতে দৰং জিলাৰ গৰুখূটিত (Eviction in Garukhuti) অসম চৰকাৰৰ উদ্যোগত আৰম্ভ হৈছিল এক অভিলাসী কৃষি প্ৰকল্প । অসমবাসীৰ বাবে ই আছিল আশাৰ খবৰ । কিন্তু ৰাইজে আশা কৰা ধৰণে আগবাঢ়িছেনে এই‌ প্ৰকল্প ? জানো আহক সম্প্ৰতি গৰুখুটিকলৈ সৃষ্টি হোৱা এক বৃহৎ বিতৰ্কৰ বিষয়ে৷-

কোন সচাঁ-কোন মিছা : প্ৰকৃততে নগাঁৱৰ এ ডি পি কলেজত হৈছে কি ?

নগাঁৱৰ ঐতিহ্যমণ্ডিত মহাবিদ্যালয়ত কলংকৰ দাগ ! যৌন কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিৎ ভাগৱতী (College principal arrested for sexual harassment allegation) । মহাবিদ্যালয়খনৰ এগৰাকী সহকাৰী অধ্যাপিকাই যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি দাখিল কৰিছিল এজাহাৰ । ড৹ ভাগৱতীৰ বিৰুদ্ধে এটা চক্ৰই ষড়যন্ত্ৰ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ ।

ছাগলীৰ মাংস খাই ভাল পায় যদি আপুনিও সাৱধান হওক !

শাৰীৰিক শক্তি অথবা আনন্দৰ লগতে বিভিন্ন সময়ত খাদ্যই মানুহক দিব পাৰে অপৰিসীম যন্ত্ৰণা তথা কিছু বিপদজনক সময় ৷ আজি আমি আপোনাৰ বাবে লৈ আহিছো খাদ্যগ্ৰহণৰ সৈতে এটা ভয়াৱহ খবৰ (Tragic story of food lover) ৷ পঢ়ক আৰু সাৱধান হওক ৷

ABOUT THE AUTHOR

...view details