ডিব্ৰুগড়, 29 অক্টোবৰ :অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত ডিব্ৰুগড় জিলাৰ লাহোৱাল আৰক্ষী থানাৰ নৱনিৰ্মিত ভৱন উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । প্ৰায় 6800 বৰ্গফুট জোৰা নৱনিৰ্মিত ভৱনটো 1 কোটি 60 লাখ 58 হাজাৰ টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছে ।
উল্লেখযোগ্য যে, 1972 চনতে স্থাপন হৈছিল লাহোৱাল আৰক্ষী থানা । 2006 চনত এটা নতুন ভৱন নিৰ্মাণ কৰিছিল যদিও উচ্চমানৰ নাছিল । বৃহস্পতিবাৰে উদ্বোধন কৰা নৱনিৰ্মিত ভৱনটোৱে বহু অভাৱ দূৰ কৰিব পাৰিব বুলি সকলোৱে আশা কৰিছে ৷