অসম

assam

ETV Bharat / city

এতিয়াৰে পৰা ৰন্ধন গেছৰ বাবে শাৰী পাতিব নালাগে নামৰূপৰ জনতাই - Pipe gas connection

সোমবাৰে নামৰূপ সাৰ কাৰখানা কৰ্তৃপক্ষ আৰু অসম গেছ কোম্পানীয়ে নামৰূপত পাইপ গেছ সংযোগৰ এক চুক্তিত স্বাক্ষৰ কৰে (Agreement on Namrup pipe gas connection)। পঢ়ক সৱিশেষ...

agreement-between-namrup-fertilizer-industry-and-assam-gas-company
এতিয়াৰে পৰা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে শাৰী পাতিব নালাগে নামৰূপৰ জনতাই

By

Published : Feb 8, 2022, 7:58 PM IST

Updated : Feb 8, 2022, 9:02 PM IST

মৰাণ, 8 ফেব্ৰুৱাৰী : নামৰূপবাসীৰ বাবে এক সুখবৰ । এতিয়াৰে পৰা আৰু ৰন্ধন গেছৰ চিলিণ্ডাৰৰ বাবে শাৰী পাতিব নালাগে নামৰূপৰ জনতাই । কাৰণ চলিত মাহৰ পৰাই নামৰূপবাসীয়ে লাভ কৰিব পাইপ গেছৰ সংযোগ(Pipe gas connection) ।

সোমবাৰে নামৰূপ সাৰ কাৰখানা কৰ্তৃপক্ষ আৰু অসম গেছ কোম্পানীয়ে নামৰূপ পাইপ গেছ সংযোগৰ এক চুক্তিত স্বাক্ষৰ কৰে (Agreement on Namrup pipe gas connection)। নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ উপস্থিতিত নামৰূপ সাৰ কাৰখানাৰ হৈ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ড৹ শিৱ প্ৰসাদ মাহান্তি আৰু অসম গেছ কোম্পানীৰ হৈ পৰিচালন সঞ্চালক গকুল চন্দ্ৰ স্বৰ্গায়াৰীয়ে এই চুক্তিখনত স্বাক্ষৰ কৰে ।

এতিয়াৰে পৰা ৰন্ধন গেছৰ বাবে শাৰী পাতিব নালাগে নামৰূপৰ জনতাই

এই চুক্তি অনুসৰি নামৰূপ সাৰ কাৰখানা আৱাসিক এলেকাৰ লগতে নামৰূপ পৌৰসভা এলেকাৰ প্ৰায় 18 হেজাৰ লোকে পাইপ গেছৰ সংযোগ লাভ কৰিবলৈ সক্ষম হ'ব বুলি জানিব পৰা গৈছে ৷

এই পাইপ গেছ যোগানৰ শুভাৰম্ভণি সভাত উপস্থিত থাকি বিধায়ক তৰংগ গগৈয়ে ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি অসম গেছ কোম্পানীয়ে ঘৰে ঘৰে পাইপ গেছ যোগানৰ আঁচনি গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি গ্ৰাহক সকলে অনলাইন অথবা অফলাইনৰ জৰিয়তে প্ৰ-পত্ৰ পূৰণ কৰি পাইপ গেছৰ সংযোগ লাভ কৰিবলৈ সক্ষম হ'ব বুলি ব্যক্ত কৰে ।

লগতে পঢ়ক :ভয়াৱহভাৱে হ্ৰাস পাইছে লুইতৰ জলস্তৰ : ধুবুৰীত আবদ্ধ বাংলাদেশমুখী ৫৭খন জাহাজ

Last Updated : Feb 8, 2022, 9:02 PM IST

ABOUT THE AUTHOR

...view details