অসম

assam

ETV Bharat / city

চিপি আই এম'ৰ দেশজোৰা প্ৰতিবাদ সপ্তাহঃ জয়পুৰতো তীব্ৰ গণতান্ত্রিক প্ৰতিবাদী সমাবেশ - জয়পুৰতো তীব্ৰ গণতান্ত্রিক প্ৰতিবাদী সমাবেশ

অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ স্বাৰ্থত সাধাৰণ মানুহক সকাহ দিয়াৰ সলনি তেওঁলোকৰ ওপৰত মূল্যবৃদ্ধি,কৰবৃদ্ধি আদিৰ জৰিয়তে নতুন নতুন বোজা জাপি দিছে ৷ এনে পৰিস্থিতিত জনসাধাৰণৰ জীৱন জীৱিকাৰ জৰুৰী দাবীসমূহক লৈ চি পি আই (এম)য়ে সমগ্ৰ দেশতে চলিত মাহৰ বিশ তাৰিখৰ পৰা ২৬ তাৰিখলৈকে প্ৰতিবাদ সপ্তাহ পালনৰ আহ্বান জনাইছে ৷

জয়পুৰতো তীব্ৰ গণতান্ত্রিক প্ৰতিবাদী সমাবেশ
চিপি আই এম'ৰ দেশজোৰা প্ৰতিবাদ সপ্তাহ

By

Published : Aug 21, 2020, 5:05 AM IST

নাহৰকটীয়া, 20 আগষ্ট :চৰকাৰে অনুসৰণ কৰা ধনিক শ্ৰেণীৰ স্বাৰ্থবাহী আৰু জনবিৰোধী অৰ্থনীতিৰ ফলস্বৰূপে দেশত অৰ্থনৈতিক সংকট ক্ৰমান্বয়ে গভীৰ হ'বলৈ ধৰিছে ৷ কোভিড ১৯ ৰোগৰ সংক্ৰমণ আৰু তাৰ মেকাবিলা কৰাৰ নামত চৰকাৰে অপৰিকল্পিতভাৱে লকডাউন কৰাৰ ফলত অৰ্থনীতিৰ অৱস্থা আৰু অধিক শোচনীয় হ'ল ৷

চিপি আই এম'ৰ দেশজোৰা প্ৰতিবাদ

যাৰ পৰিপ্ৰেক্ষিতত বিশেষভাৱে ক্ষতিগ্ৰস্থ হৈছে শ্ৰমিক,কৃষক,সৰু-সুৰা ব্যৱসায়ী আৰু সেৱাখণ্ডৰ সৈতে জড়িত কোটি কোটি লোক ৷ এনে অৱস্থাত অৰ্থনীতিৰ পুনৰুদ্ধাৰৰ স্বাৰ্থত সাধাৰণ মানুহক সকাহ দিয়াৰ সলনি তেওঁলোকৰ ওপৰত মূল্যবৃদ্ধি,কৰবৃদ্ধি আদিৰ জৰিয়তে নতুন নতুন বোজা জাপি দিছে ৷

চিপি আই এম'ৰ দেশজোৰা প্ৰতিবাদ সপ্তাহ

এনে পৰিস্থিতিত জনসাধাৰণৰ জীৱন জীৱিকাৰ জৰুৰী দাবীসমূহক লৈ চি পি আই (এম)য়ে সমগ্ৰ দেশতে চলিত মাহৰ বিশ তাৰিখৰ পৰা ২৬ তাৰিখলৈকে প্ৰতিবাদ সপ্তাহ পালনৰ আহ্বান জনাইছে ৷ নাহৰকটীয়া সমষ্টিৰ অন্তৰ্গত জয়পুৰটো ২০ টাকৈ দাবীৰে চি পি আই (এম) ডিব্ৰুগড় জিলা সমিতিয়ে আজিৰে পৰা গণতান্ত্ৰিক প্ৰতিবাদী সমাবেশৰ আয়োজন কৰি বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

লগতে পঢ়কঃঅখিল গগৈ লৈ ভয় কৰে বিজেপি চৰকাৰে: ধৈৰ্য্য় কোঁৱৰ

ABOUT THE AUTHOR

...view details