অসম

assam

ETV Bharat / city

লকডাউনৰ মাজতে গোন্ধ ওলোৱা খাদ্য প্ৰদানৰ অভিযোগ হোটেলৰ বিৰুদ্ধে

নাহৰকটীয়াৰ জয়পুৰ তিনিআলিস্থিত তৃপ্তি ভোজনালয়ত গোন্ধাই যোৱা খাদ্য প্ৰদান কৰা বুলি উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷

লকডাউনৰ মাজতে গোন্ধ ওলোৱা খাদ্য প্ৰদানৰ অভিযোগ হোটেলৰ বিৰুদ্ধেলকডাউনৰ মাজতে গোন্ধ ওলোৱা খাদ্য প্ৰদানৰ অভিযোগ হোটেলৰ বিৰুদ্ধে
লকডাউনৰ মাজতে গোন্ধ ওলোৱা খাদ্য প্ৰদানৰ অভিযোগ হোটেলৰ বিৰুদ্ধে

By

Published : Jun 14, 2020, 4:28 AM IST

নাহৰকটীয়া, 14 জুন :কোভিড-19ৰ নীতি নিয়ম উলংঘা কৰি নাহৰকটীয়াৰ তৃপ্তি ভোজনালয়ত গোন্ধোৱা খাদ্য আপ্যায়নৰ অভিযোগ উত্থাপিত হৈছে ৷ নাহৰকটীয়াৰ জয়পুৰ তিনিআলিস্থিত তৃপ্তি ভোজনালয়ত গোন্ধাই যোৱা খাদ্য প্ৰদান কৰা বুলি উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ স্থানীয় এজন ব্যৱসায়ীয়ে এই হোটেলখনত দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিবলৈ যাওঁতে তেওঁক আপ্যায়ন কৰা হয় গোন্ধাই যোৱা ভাত ৷ হোটেলৰ মালিক জীতেন্দৰ সিঙে পূৰ্বতেও এবাৰ গোন্ধ ওলোৱা খাদ্য আপ্য়ায়ন কৰিছিল উক্ত ব্যক্তিজনক ৷

লকডাউনৰ মাজতে গোন্ধ ওলোৱা খাদ্য প্ৰদানৰ অভিযোগ হোটেলৰ বিৰুদ্ধে

প্ৰতিদিনে তৃপ্তি ভোজনালয়তে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰা ব্যৱসায়ীজনে এনেবোৰ বিষয়ত গুৰুত্ব দিবলৈ সকিয়াই দিয়াৰ পিছতো আজি পুনৰ গোন্ধাই যোৱা খাদ্য দিয়াত ক্ষুদ্ধ হৈ পৰে গ্ৰাহকজন ৷ ইফালে গোন্ধোৱা ভাত দিয়াৰ এই অভিযোগ মালিক জীতেন্দৰ সিঙে অস্বীকাৰ কৰে যদিও ৰাতিপুৱাতে বনোৱা ভাত গ্ৰাহক জনক দিয়াৰ কথা কেমেৰাৰ সন্মুখত দোহাৰে মালিক জীতেন্দৰ সিঙে ৷

লগতে পঢ়কঃকেনে অৱস্থাত আছে বাঘজান আশ্ৰয় শিৱিৰৰ লোকসকল, এক প্ৰতিবেদন

ABOUT THE AUTHOR

...view details