টিংখাং,31 মাৰ্চ:মঙলবাৰে সন্ধিয়া টিংখাঙত এক ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় । এগৰাকী যুৱতীক শ্লীলতা হানিৰ অপচেষ্টা চলোৱাৰ অপৰাধত এজন লোকক মৰিয়াই মৰিয়াই হত্যা কৰিলে এদল লোকে । এই ঘটনা সংঘটিত হৈছে টিংখাঙৰ শলগুৰী টিপমীয়াৰ বঙালী গাঁৱত ।
টিংখাঙত মৰিয়াই হত্যা এজনক - টিংখাং আৰক্ষী
যুৱতীক শাৰীৰিক নিৰ্যাতনৰ অপচেষ্টা । টিংখাঙত মৰিয়াই মৰিয়াই এজনক হত্যা । একে গাঁৱৰে ২৯ পুৰুষ মহিলাক গ্ৰেপ্তাৰ।
ঘটনা অনুসৰি গাঁৱখনৰ মুলেশ্বৰ মাঝী নামৰ এজন বিবাহিত লোকে একে গাঁৱৰে এগৰাকী যুৱতীক ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি অশ্লীল ইংগিত দি অসৎ কামনা পূৰণৰ চেষ্টা কৰাত যুৱতী গৰাকীয়ে চিঞৰ-বাখৰ কৰে ৷ যুৱতী গৰাকীৰ চিঞৰ শুনি লোকজনে পলায়ন কৰে ৷ ইফালে ঘটনাস্থলীত ওচৰ-চুবুৰীয়া গোট খাই খেদি গৈ ব্যক্তিজনক কৰায়ত্ত কৰি মৰিয়াই মৰিয়াই হত্যা কৰে ৷ এই ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে । ঘটনাস্থলীত টিংখাং আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ঘটনাত জড়িতৰ সন্দৰ্ভত গাঁৱখনৰ ২৯ গৰাকীকৈ লোকক আটক কৰি থানালৈ নিয়ে ৷