অসম

assam

ETV Bharat / city

Land Grabbing Allegation: গৌৰৱ গগৈয়ে ক’লে, ৰাজ্যৰ ভিতৰতে মাটি দখলৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল - গৌৰৱ গগৈয়ে ক’লে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত মাটি দখলৰ অভিযোগ(Land grabbing allegation against CM family)ৰ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ ডিব্ৰুগড়ত উপস্থিত হৈ সাংসদ গৰাকীয়ে মন্তব্য কৰে যে, ভালকৈ তালিকা উলিয়ালে অসমৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে অধিক মাটি সম্পত্তি দখল কৰাৰ তথ্য পোহৰলৈ আহিব ।

Land Grabbing Allegation
ৰাজ্যৰ ভিতৰতে মাটি দখলৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল: গৌৰৱ গগৈ

By

Published : Dec 9, 2021, 7:19 PM IST

মৰাণ, 9 ডিচেম্বৰ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে ডিজিটেল বাৰ্তালোচনী দ্য ৱায়াৰ(The Wire) আৰু অসমীয়া ভাষাৰ ই-বাৰ্তালোচনী দ্য ক্ৰছকাৰেন্টে (The Cross Current) তথ্য সহকাৰে ভূমি কেলেংকাৰী(land grab allegation against wife of Assam CM )ৰ অভিযোগ উত্থাপন কৰাৰ পিছতে ৰাজ্যৰ বিভিন্ন দল-সংগঠন, ব্যক্তি বিশেষে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেদখলীকৃত মাটি মুক্ত কৰিবলৈ তৎপৰ হোৱাৰ সময়তে খোদ মুখ্যমন্ত্ৰী গৰাকীৰ পৰিয়াল আৰু ঘনিষ্ঠৰ বিৰুদ্ধে উত্থাপিত হোৱা বৃহৎ ভূমি কেলেংকাৰীৰ অভিযোগে স্বাভাৱিকতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

২০০৭ আৰু ২০০৯ চনত চৰকাৰী আইন উলংঘা কৰি মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিণিকি ভূঞা শৰ্মাই জালিয়াতিৰে ২৯ বিঘা মাটি ক্ৰয় কৰাৰ তথ্য ৰাজহুৱা কৰাৰ পাছতে সাংসদ গৌৰৱ গগৈয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷

ৰাজ্যৰ ভিতৰতে মাটি দখলৰ শীৰ্ষত হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়াল: গৌৰৱ গগৈ

সাংসদ গৰাকী ডিব্ৰুগড়ত উপস্থিত হৈ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰে যে, কংগ্ৰেছৰ নেতা হৈ থাকোতে বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে ভূমিহীন লোকক মাটি দিয়াৰ পৰিৱৰ্তে পৰিয়ালৰ কোম্পানীৰ নামত বিঘাই বিঘাই মাটি ক্ৰয় কৰাটো দুৰ্ভাগ্যজনক আৰু ভালকৈ চালে বহু তথ্য ওলাব ।

লগতে সাংসদ গৰাকীয়ে কয়, ভালকৈ তালিকা উলিয়ালে অসমৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে অধিক মাটি সম্পত্তি দখল কৰাৰ তথ্য পোহৰলৈ আহিব । এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীজনক নিজৰ মত স্পষ্ট কৰিবলৈও সাংসদ গৌৰৱ গগৈয়ে আহ্বান জনায় ।

লগতে পঢ়ক:Land grabbing allegation: মুখ্যমন্ত্ৰীক কি প্ৰত্যাহ্বান জনালে ভূপেন বৰাই ?

ABOUT THE AUTHOR

...view details