অসম

assam

ETV Bharat / city

টিংখাঙত কুৰিৰো অধিকে যোগদান কৰিলে অসম সংগ্ৰামী মঞ্চত - অসম সংগ্ৰামী মঞ্চ

টিংখাঙত নতুন আঞ্চলিক ৰাজনৈতিৰ দল প্ৰতি আকৃষ্ট হৈ বিভিন্ন ৰাজনৈতিক দলৰ পৰা বহু নেতা-কৰ্মীয়ে যোগদান কৰে । স্বাধীনতাৰ 74 টা বছৰে অসমৰ ৰাইজক সকলো ৰাজনৈতিক দলে প্ৰৱঞ্চনা কৰাত অতিষ্ঠ হৈ নতুন ৰাজনৈতিক দলত যোগদান কৰে ৷

More Members Joined in Assam_Sangrami_Mancha At Tingkhang
টিংখাঙত কুৰিৰো অধিক নেতা পালি-নেতাই যোগদান কৰে অসম সংগ্ৰামী মঞ্চত

By

Published : Aug 23, 2020, 8:49 PM IST

টিংখাং, 23 আগষ্টঃ 2020 চনৰ বিধান সভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটা মান মাহ ৷ ইতিমধ্যে কৰ'ণা মহামাৰী আতংকৰ মাজতেই সকলো ৰাজনৈতিক দলেই আৰম্ভ কৰিছে ৰাজনৈতিক ৰণ কৌশল ৷ ইফালে ইটো ৰাজনৈতিক দলৰ পৰা সিটো ৰাজনৈতিক দলত নেতা-পালি নেতাৰ যোগদান কাৰ্যসূচী অব্যাহত আছে ৷ পিছ পৰি ৰোৱা নাই অসম সংগ্ৰামী মঞ্চৰ সদস্যসকলো ৷

দেওবাৰে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ঔগুৰিত অসম সংগ্ৰামী মঞ্চৰ এখন সভাত বিজেপি, কংগ্ৰেছ আৰু অগপ দলৰ পৰা বহু নেতা -সদস্যই যোগদান কৰে অসম সংগ্ৰামী মঞ্চত । উক্ত দলকেইটাৰ টিংখাং সমষ্টিৰ তৃণমূলৰ কৰ্মীসকলে নতুন দলটোত যোগদান কৰি কয় যে, নতুনত্বই হে আমাক নতুন দিগন্তৰ সন্ধান দিব । বছৰ- বছৰ ধৰি কংগ্ৰেছ, বিজেপি এই ৰাষ্ট্ৰীয়তাবাদী দলকেইটাই অসমৰ ৰাইজক বহু প্ৰৱঞ্চনা কৰি আহিছে । ইফালে বহু আশা বুকুত বান্ধি আদৰি লোৱা আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষগ দলৰ নেতা সকলেও প্ৰতাৰণা কৰিলে । সেয়ে আমি বিকল্প বিচাৰি এই দলত যোগ কৰিছো বুলি সাংবাদিকৰ আগত মন্তব্য কৰে দলীয় কৰ্মীসকলে ।

টিংখাঙত কুৰিৰো অধিক নেতা পালি-নেতাই যোগদান কৰে অসম সংগ্ৰামী মঞ্চত

আজিৰ যোগদান সভাত বিজেপি, কংগ্ৰেছ আৰু আৰু অগপ দল ত্যাগ কৰি কুৰিৰো অধিক কৰ্মীয়ে অসম সংগ্ৰামী মঞ্চত যোগদান কৰে । এই যোগদান সভাত অসম সংগ্ৰামী মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি যতিন গগৈ আৰু চিয়দ মহছিনো ৰহমান, ডিব্ৰুগড় জিলা সমিতিৰ উপসভাপতি অজয় প'দ্দাৰ, শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদিকা ৰূপা বড়া, ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক জিতুল গগৈকে ধৰি সংগ্ৰামী মঞ্চৰ কেইবাজনো নেতা উপস্থিত থাকে ।

লগতে পঢ়ক- বাঘ আৰু সিংহৰ যুঁজত মাংস খাব শিয়ালেঃ বিধায়ক প্ৰশান্ত ফুকন

ABOUT THE AUTHOR

...view details