মৰাণ,27 অক্টোবৰঃ শাৰদীয় দুৰ্গা পূজাৰ প্ৰতি লক্ষ্য ৰাখি জিলা খনত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সৃষ্টি নহয় তাৰ বাবে ডিব্ৰুগড় জিলা প্ৰশাসনে ল'লে বিশেষ তৎপৰতা ৷ পূজাৰ দিন কেইটাত কোনোৱে যাতে অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গা পূজাৰ আৰম্ভণিৰ প্ৰথম দিনটোৰ পৰাই সমগ্ৰ জিলা খনতে জিলা প্ৰশাসনে ঘোষণা কৰিছিল ড্ৰাই ডে' ৷
ইয়াৰ পিছতো অসাধু চক্ৰই প্ৰশাসনৰ অগোচৰে চলাই গৈছিল সুৰাৰ এই ব্যৱসায় ৷ পূজাৰ এই সময়চোৱাত জিলাখনৰ আৱকাৰী বিভাগে অধিক সষ্টম হৈ বিভিন্ন স্থানত অভিযান চলাই বহুকেইটা সুৰাৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰিছিল ব্যৱসায়টোৰ লগত জড়িত বহুকেইজন লোকক ৷ বিজয়া দশমীৰ দিনাও জিলাখনৰ আৱকাৰী বিভাগে চাবুৱাৰ আমগুৰি এলেকাত আৰক্ষীৰ সহযোগত অভিযান চলাই ১১০ কিলোগ্ৰাম লালিগুড় জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে ইয়াৰ বিৰুদ্ধে চাবুৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৱকাৰী বিভাগে । এই কথা সদৰি কৰিলে চাবুৱা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া গৰাকীয়ে ৷