মৰাণ,১৮ জুলাইঃ ডিব্ৰুগড়ৰ লেজাই কলাখোৱাত মৃত্যু হৈছে ভিন্ন প্ৰজাতিৰ মাছ ৷ পানীত বিষক্ৰিয়া হৈ মাছবোৰৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে ৰাইজে ৷
ডিব্ৰুগড়ৰ লেজাইত অস্বাভাৱিকভাৱে বিভিন্ন প্ৰজাতি মাছৰ মৃত্যু - মুখ্যমন্ত্ৰী
লেজাই কলাখোৱাত অস্বাভাৱিক ভাৱে মৃত্যু হৈ আছে বিভিন্ন প্ৰজাতিৰ মাছ ৷ ইতিমধ্যে শংকিত হৈ পৰিছে স্থানীয় লোক সকল ৷

মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ৰ লেজাই কলাখোৱা অঞ্চলৰ প্ৰায় ৪০ খনতকৈ অধিক গাঁও আজিও বানত ডুব গৈ আছে । ইতিমধ্যে বিঘাই বিঘাই কৃষি ভূমি নষ্ট হোৱাৰ উপৰিও খাদ্যৰ অভাৱত বহু পশু ধনৰ মৃত্যু হৈছে ৷ ঠিক একেদৰে জিলা খনৰ বিভিন্ন ঠাইত দেখিবলৈ পোৱা গৈছে বৰালি,চিতল,পুঠিকে ধৰি বিভিন্ন প্ৰজাতিৰ মাছৰ মৃত্যু হৈছে। স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে দীৰ্ঘ দিন ধৰি যিহেতু সমগ্ৰ অঞ্চলটো পানীৰ তলত ডুবি আছে ইয়াৰ ফলতে কিবা পানীত বিষক্ৰিয়া হৈ মাছবোৰৰ মৃত্যু হৈছে ৷ ইতিমধ্যে কলাখোৱাৰ পৰা চেঁচা তিনিআলিৰ সংযোগী গড়কাপ্তানী পথৰ কাষে কাষে বহু সৰু বৰ মৃত মাছ পানীত ওপঙি থকা পৰিলক্ষিত হৈছে ।
লগতে পঢ়ক- নলবাৰীৰ ভিন্ন প্ৰান্তৰ বান পৰিস্থিতি : সমস্যাত কৃষকসকল