নাহৰকটীয়া, 6 ছেপ্তেম্বৰ :নাহৰকটীয়াৰ ৰে'লৱে গুদামৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ লালিগুৰ ৷ চৰকাৰী নিষেধাজ্ঞাক বুঢ়া আঙুলি প্ৰদৰ্শন কৰি জিলাখনৰ একাংশ অসাধু চক্ৰই দীৰ্ঘদিনৰ পৰা চলাই আছে লালিগুৰৰ ব্যৱসায় ৷ শুকুৰবাৰে এক গোপন সূত্ৰৰ পম খেদি নাহৰকটীয়া প্ৰেছ গীল্ড, আবকাৰী বিভাগ আৰু নাহৰকটীয়া আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত নাহৰকটীয়াৰ ৰেলৱে' ষ্টেচনৰ গোদামৰ পৰা প্ৰায় 100 ৰো অধিক লালিগুৰ ভৰ্তি বেগ জব্দ কৰা হয় ৷
নাহৰকটীয়াৰ ৰে'লৱে গুদামত লালিগুৰ জব্দ - নাহৰকটীয়া প্ৰেছ গীল্ড, আবকাৰী বিভাগ
নাহৰকটীয়াৰ ৰে'লৱে গুদামৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ লালিগুৰ ৷ এক গোপন সূত্ৰৰ পম খেদি নাহৰকটীয়া আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত নাহৰকটীয়াৰ ৰে'লৱে ষ্টেচনৰ গোদামৰ পৰা প্ৰায় 100 ৰো অধিক লালিগুৰ ভৰ্তি বেগ জব্দ কৰা হয় ৷ জব্দ হোৱা এই লালিগুৰ খিনিৰ মূল্য কেইবা লক্ষ টকা হ'ব বুলি জানিব পৰা গৈছে ৷
![নাহৰকটীয়াৰ ৰে'লৱে গুদামত লালিগুৰ জব্দ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4355785-thumbnail-3x2-la-2.jpg)
নাহৰকটীয়াৰ ৰেলৱে' গুদামত লালিগুৰ জব্দ
নাহৰকটীয়াৰ ৰেলৱে' গুদামত লালিগুৰ জব্দ
জব্দ হোৱা এই লালিগুৰ খিনিৰ মূল্য কেইবা লক্ষ টকা হ'ব বুলি জানিব পৰা গৈছে ৷ আনহাতে, এই বৃহৎ পৰিমাণৰ লালিগুৰ খিনি কোনে বিক্ৰীৰ বাবে আনিছিল তাক লৈ তদন্ত আৰম্ভ কৰিছে নাহৰকটীয়া আৰক্ষীয়ে ।