মৰাণ,১৭ আগষ্ট :চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ বাবে ৰাজ্যৰ বিভিন্ন বাগিচা অঞ্চলত স্থাপন কৰা হৈছে আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় । সেই অনুসৰি টিংখাং সমষ্টিৰ অন্তৰ্গত শালমাৰী আৰু দুলিয়াবাম চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক উন্নয়নৰ বাবে দুলিয়াবামতো এখন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ বাবে আধাৰশিলা স্থাপন কৰা হৈছিল । কিন্তু আধাৰশিলা স্থাপনৰ পিছতো বিদ্যালয়খন নিৰ্মাণ কৰিবলৈ নিদিয়াত ক্ষোভ প্ৰকাশ কৰিছে টিংখাং সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰী বিমল বড়াই (Bimal Bora reaction on Model school at Tingkhong)।
টিংখাঙত মঙলবাৰে ৫ টাকৈ আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ উদ্বোধন কৰি (Bimal Bora inaugurated model Anganwadi Centre) সাংবাদিকৰ আগত ক্ষোভ প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ কয় যে বহু কথা চিন্তা কৰি এই স্থানত আদৰ্শ বিদ্যালয়খন স্থাপন কৰিবলৈ লোৱা হৈছিল । কিন্তু বাগিচা অঞ্চলৰ ৰাইজৰ উন্নয়ন নিবিচৰা একাংশ লোকৰ বাবে বিদ্যালয়খন স্থাপন কৰিব পৰা হোৱা নাই ।