অসম

assam

ETV Bharat / city

বুঢীদিহিঙৰ বানত জলমগ্ন নাহৰকটীয়া - জলমগ্ন হৈ পৰিছে নাহৰকটীয়া

বিগত এসপ্তাহ ধৰি অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হৈ পৰিছে নাহৰকটীয়াৰ কেইবাখনো গাঁও (Flood at Naharkatia) । দেওবাৰে নাহৰকটীয়াত উপস্থিত হৈ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে (MLA Taranga Gogoi visited flood affected area of Naharkatia) ৷

mla-taranga-gogoi-visited-flood-afected-area-of-naharkatia
বুঢীদিহিঙৰ বানত জলমগ্ন নাহৰকটীয়া

By

Published : Jul 3, 2022, 8:02 PM IST

মৰাণ, 3 জুলাই: বিগত এসপ্তাহ ধৰি অব্যাহত থকা নেৰেনেপেৰা বৰষুণৰ ফলত পুনৰ জলমগ্ন হৈ পৰিছে নাহৰকটীয়াৰ কেইবাখনো গাঁও (Flood at Naharkatia) । বুঢ়ীদিহিঙৰ বানে অৰ্ধশতাধিক পৰিয়ালৰ বাসগৃহৰ লগতে খেতি পথাৰ বুৰাই পেলাইছে । বিশেষকৈ নাহৰকটীয়াৰ আমগুৰি পঞ্চায়তৰ দিহিং কিনাৰ নেপালী গাঁও, টিংৰাই নেপালী, মেৰবিল পঞ্চায়তৰ শলকনি মাজুলী আদি অঞ্চল এতিয়া বানৰ কবলত ৷

দেওবাৰে নাহৰকটীয়াত উপস্থিত হৈ বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈয়ে (MLA Taranga Gogoi visited flood affected area of Naharkatia) ৷ লগতে নাহৰকটীয়াৰ বিভিন্ন ঠাইত স্থাপন কৰা শিবিৰত থকা বন্যাৰ্তৰ খবৰ লৈ বানাক্ৰান্ত পৰিয়ালৰ মাজত খাদ্য সামগ্ৰীৰ টোপোলা বিতৰণ কৰে বিধায়কগৰাকীয়ে (MLA Taranga Gogoi distribute flood relief ) ৷

বুঢীদিহিঙৰ বানত জলমগ্ন নাহৰকটীয়া

ইফালে, আমগুৰি পঞ্চায়তৰ অন্তৰ্গত টিংৰাই নেপালী গাঁৱৰ মথাউৰিটোৰ ওপৰেৰে পানী বাগৰি গাঁওখন পলকতে প্লাৱিত কৰে ৷ বিধায়কগৰাকী সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ চলিত বৰ্ষতে মঠাউৰিটো ওখ কৰি পুনৰ নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

একেদৰে মেৰবিল পঞ্চায়তৰ অন্তৰ্গত শলকনি মাজুলী গাঁৱৰ গৰাখহনীয়া সমস্যা চলিত বৰ্ষতে খৰালি আৰম্ভ হোৱাৰ লগে লগে সমাধান কৰাৰ আশ্বাস দিয়ে বিধায়কজনে ।

লগতে পঢ়ক:Godhra train burning in Gujarat: গোধৰা কাণ্ডৰ আন এজন অভিযুক্তক আজীৱন কাৰাদণ্ড

ABOUT THE AUTHOR

...view details