মৰাণ,13 অক্টোবৰ : পূজাৰ আনন্দৰ মাজতে ১০ অক্টোবৰ তাৰিখে চাবুৱা মডেল হাস্পতালত হঠাৎ হাহাকাৰ পৰিবেশ সৃষ্টি হৈছিল । চাবুৱা মডেল হাস্পতালত ৰোগী থ’বলৈ বিচনাৰ অভাৱ হৈ পৰিছিল । ঘটনা অনুসৰি চাবুৱাৰ দংগৰচুক গাঁৱত ৯ অক্টোবৰ তাৰিখে এজন ব্যক্তিৰ ঘৰত আয়োজন কৰা সকামত খাদ্যত বিষক্ৰিয়া হৈ অঘটন হৈছিল ।
খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত আজিও চাবুৱা মডেল হাস্পতালত চিকিৎসাধীন অৰ্ধশতাধিক - সকামত খাদ্য বিষক্ৰিয়া
চাবুৱাৰ দংগৰচুক গাঁৱত মাংগলিক অনুষ্ঠানত মাহ প্ৰসাদ খাই অসুস্থ বিভন্নজন ৷ চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি পৰিস্থিতিৰ বুজ ল’লে চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ৷
![খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত আজিও চাবুৱা মডেল হাস্পতালত চিকিৎসাধীন অৰ্ধশতাধিক খাদ্যত বিষক্ৰিয়া হোৱাৰ ফলত আজিও চাবুৱা মডেল হাস্পাটালত চিকিৎসাধীন অৰ্ধশতাধিক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-13348777-thumbnail-3x2-aaaaaaa.jpg)
তেতিয়াই গাঁও খনৰ ১০০ৰো অধিক লোক অসুস্থ হৈ পৰিছিল । সকামৰ প্ৰসাদ গ্ৰহণ কৰাৰ পাছতে সংঘটিত হৈছিল এই কাণ্ড। আক্ৰান্তসকল পেট বিষ, ডায়েৰীয়া, বমি আদি বিভিন্ন ধৰণৰ সমস্যাত আক্ৰান্ত হৈছিল । এই আক্ৰান্ত সকলৰ ভিতৰত শিশু মহিলাও আছিল ।
বহুতে সুস্থ হৈ ঘৰলৈ গৈছে যদিও বৰ্তমানেও অৰ্ধ শতাধিক ৰোগী চাবুৱা মডেল হাস্পতালত চিকিৎসাধীন হৈ আছে । চিকিৎসালয়ত উপস্থিত হৈ চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱাই ৰোগী সকলৰ স্বাস্থ্য বুজ লয় । লগতে শিশু আৰু মহিলা সকলৰ বাবে বিশেষজ্ঞ চিকিৎসক নিয়োগ কৰিবলৈ চিকিৎসালয়ৰ পৰাই স্বাস্থ্যমন্ত্ৰীক আহ্বান জনোৱা বুলিও জানিবলৈ দিয়ে বিধায়ক জনে ।
লগতে পঢ়কঃ নগাঁৱৰ চৰ-চাপৰিত বাঢ়িছে সন্দেহ নাগৰিকৰ বেদখল !