অসম

assam

ETV Bharat / city

ডিব্ৰুগড়ৰ দেৱী বিসৰ্জনস্থলী পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণৰ

কোভিড-১৯ প্ৰট'কল মানি বিজয়া দশমীৰ দেৱী বিসৰ্জনৰ বাবে সাজু হৈছে ডিব্ৰুগড় প্ৰশাসন ৷ ইতিমধ্যে বিসৰ্জনস্থলীত উপস্থিত (স্বতন্ত্ৰ) মন্ত্ৰী সঞ্জয় কিষাণ ৷

By

Published : Oct 26, 2020, 12:18 PM IST

Minister Sanjay Kishan visited Brahmaputra ghat in Dibrugarh
ডিব্ৰুগড়ৰ দেৱী বিসৰ্জনথলী পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণৰ

মৰাণ, 26 অক্টোবৰঃআজি বিজয়া দশমী ৷ কৰ'ণা আতংক আৰু প্ৰতিকুল বতৰৰ মাজতেই সামৰণি পৰিল শাৰদীয় দুৰ্গোৎসৱ । কিন্তু পূৰ্বৰ দৰে কৰিব নোৱাৰিব দেৱী বিসৰ্জন ৷ প্ৰশাসনৰ নিৰ্দেশ অনুসৰি কোভিড-১৯ প্ৰট'কল মানি সকলো পূজা উদযাপন সমিতিয়ে দেৱী বিৰ্সজন দিব লাগিব ৷

ইতিমধ্যে ৰাজ্যৰ বিভিন্ন ঠাইত আৰম্ভ হৈছে দেৱী বিসৰ্জন কাৰ্যসূচী ৷ সমান্তৰালকৈ কোভিড-১৯ প্ৰট'কল মানি বিজয়া দশমীৰ বাবে সাজু হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন ৷ ৰাজ্য চৰকাৰৰ চাহ জনজাতি কল্যাণ বিভাগৰ (স্বতন্ত্ৰ) মন্ত্ৰী সঞ্জয় কিষাণেও আজি পুৱা ভাগতে ডিব্ৰুগড়ৰ দেৱী বিসৰ্জনস্থলী পৰিদৰ্শন কৰে আৰু জিলা প্ৰশাসনে কৰা প্ৰস্তুতিৰ কথা বুজ লয় ৷

ডিব্ৰুগড়ৰ দেৱী বিসৰ্জনথলী পৰিদৰ্শন মন্ত্ৰী সঞ্জয় কিষাণৰ

মন্ত্ৰীজনৰ পৰিদৰ্শন কালত তেওঁৰ সৈতে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ, অতিৰিক্ত উপায়ুক্ত দিপু কুমাৰ ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱা আৰু ডিব্ৰুগড় পূব ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুজাতা গগৈ উপস্থিত থাকে ৷

লগতে পঢ়ক- মৰাণত দেৱীৰ আশীষ ল'লে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে

ABOUT THE AUTHOR

...view details