মৰাণ, 28 জুন : বাৰিষা অহাৰ লগে লগে এতিয়া ব্যস্ত হৈ পৰিছে ৰাজ্যৰ কৃষক সকল ৷ জেঠ মাহত শালি ধানৰ কঠিয়া পাৰে কৃষক ৰাইজে ৷ কিন্তু ইয়াৰ বিপৰীতে কোনো কোনো জিলাত এতিয়াও সিঁচিব পৰা নাই ধানৰ বীজ ৷ কাৰণ বৰষুণৰ অভাৱ লগতে নাই উপযুক্ত পানী যোগান ব্যৱস্থা ৷
অকল সেয়াই নহয় কঠিয়া পৰাতো দূৰৈৰে কথা আগন্তুক বানৰ প্ৰতিও এতিয়া শংকিত হৈছে কষক সকল ৷ তেনে সময়তে বানপানীত ক্ষতিগ্ৰস্ত কৃষক সকলক সহায় কৰাৰ উদ্দেশ্যে ডিব্ৰুগড় জিলাত ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহনে গ্ৰহণ কৰিছে এটা বিশেষ ব্যৱস্থা । ডিব্ৰুগড় জিলাৰ কৃষি বিভাগৰ সহযোগত মন্ত্ৰী গৰাকীয়ে বানত ক্ষতিগ্ৰস্থ কৃষক সকলক সহায় কৰিবৰ বাবে কঠিয়া যোগান ধৰা ব্যৱস্থা কৰিছে ৷
সেই উদ্দেশ্যে ডিব্ৰুগড়ৰ মাহমৰা বালিজান হাইস্কুলৰ খেলপথাৰত দেওবাৰে সমূহীয়া কঠিয়াতলি মুকলি কৰে মন্ত্ৰী যোগেন মহনে । প্ৰায় দহ বিঘা মাটিত উন্নত জাতৰ ধানৰ কঠিয়া সিঁচাৰ ব্যৱস্থা কৰিছে মন্ত্ৰী যোগেন মহনে ৷