ডিব্ৰুগড়,21 জুন: আজি ৭ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস ৷ এই যোগ দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাতো জিলা প্রশাসনৰ উদ্যোগত ডিব্ৰুগড় বহুমুখী ইণ্ডোৰ ষ্টেডিয়ামত আয়োজন কৰা হৈছে যোগ দিৱস ৷ যোগ দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে শক্তি মন্ত্ৰী বিমল বৰা আৰু কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে উপস্থিত থাকে ৷ তদুপৰি সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী আৰু জিলা উপায়ুক্ত সহ এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ৰাজনৈতিক দলৰ বহু নেতা কৰ্মী ।
ডিব্ৰুগড়ত যোগাসনত ব্যস্ত মন্ত্ৰী অতুল বৰা আৰু বিমল বৰা চৰকাৰে জাৰি কৰা ক'ভিড SOP মানি, সামাজিক দূৰত্ব বজাই ৰাখি পালন কৰা হৈছে এই যোগ দিৱস ৷ যুগ দিৱস অনুষ্ঠানটিৰ শুভ উদ্বোধন কৰে শক্তিমন্ত্ৰী বিমল বৰাই ৷ তাৰ পিচতেই যোগাসনৰ অনুশীলন কৰে মন্ত্ৰী বিমল বৰাই ।এই কাৰ্যসূচীত স্বাস্থ্য জনিত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য আগবঢ়াই মন্ত্ৰী দুগৰাকীয়ে । উপস্থিত সকলোকে নিয়মীয়াকৈ যোগাভ্যাস কৰি সুস্থ আৰু সবল জীৱন-যাপন কৰিবলৈ উপস্থিত সকলোকে এই আহ্বান জনাইছে মন্ত্ৰী দুগৰাকীয়ে ৷
ডিব্ৰুগড়ত যোগাসনত ব্যস্ত মন্ত্ৰী অতুল বৰা আৰু বিমল বৰা সমান্তৰালকৈ অসমতো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বিভন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে । লখিমপুৰৰ গেৰুকামুখস্থিত সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পত কেন্দ্রীয়ভাৱে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হৈছে ।
সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্পৰ প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সংস্কৃত শ্লোকেৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্রী গৰাকীয়ে কয় যে, সমগ্ৰ বিশ্বই এতিয়া ভাৰতৰ যোগ সাধনাক স্বীকৃতি দিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত এতিয়া যোগে বিশ্বজনীন ৰূপ পালে বুলি কৈ যোগে শাৰীৰিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধন কৰে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ লগতে কয় যে, যোগাভ্যাসে আমাৰ জীৱনৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি সাধন কৰে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি আৰু আদৰ্শত যোগ বিৰাজমান বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে । সকলোকে যোগাভ্যাসৰ জৰিয়তে শৰীৰ মন সুস্থ সবল কৰি ৰাখিবলৈ আহ্বান জনাই তেওঁ নিজেও যোগাভ্যাস কৰে ।
আনহাতে, ড্ৰাগছৰ ব্যৱসায় সন্দৰ্ভত তেওঁ কয় কয় যে, ড্ৰাগছৰ অবৈধ বেহা এই চৰকাৰে কোনো কাৰণতে প্ৰশ্ৰয় নিদিয়ে । ৰাজ্যত ড্ৰাগছৰ বজাৰ শেষ কৰিবৰ বাবে চৰকাৰ দৃঢ় প্ৰতিজ্ঞ আৰু এতিয়ালৈ প্ৰায় ৫০ কোটি টকাৰ ড্ৰাগছ চৰকাৰে জব্দ কৰিছে বুলি তেওঁ জানিবলৈ দিয়ে । ড্ৰাগছৰ দৰে ভয়াৱহতাৰ পৰা মুক্ত হোৱাৰ এক উত্তম পথ যোগসাধনা বুলি উল্লেখ কৰিলে ৷ লগতে যোগৰ অপৰিসীম অৱদানৰ কথা অনুধাৱন কৰি সন্তানক সুস্থ আৰু আদৰ্শবান কৰি গঢ় দিবলৈ অভিভাৱকসকলৰ লগতে সমাজৰ প্ৰতিজন লোকলৈ আহ্বান জনায় ।
লগতে পঢ়ক-শিৱসাগৰত আৰম্ভ ক'ভিড প্ৰতিষেধক প্ৰদান অভিযান