ডিব্ৰুগড়, 14 জুন :অসম চৰকাৰৰ গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন আৰু জনসিঞ্চন মন্ত্ৰী অশোক সিংঘলে ডিব্ৰুগড়ৰ লেকাইত নিৰ্মাণ হৈ থকা কঠিন আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প(solid waste management)টো পৰিদৰ্শন কৰে ৷ লেকাইৰ 210 বিঘা এলেকাত 2015 চনতে আৰম্ভ কৰা প্ৰকল্পটো পৰ্যবেক্ষণ কৰি সন্তুষ্টি প্ৰকাশ কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ নিৰ্মীয়মান প্ৰকল্পটোত দেশৰ আন আন চহৰৰ দৰে কেইবাটাও মূল্যবান বায়'প্ৰডাক্ট মেনিঅ’ৰ, ডিজেল, পকীপথ নিৰ্মাণত ব্যৱহৃত গ্ৰেনোল প্ৰকল্পটোত উৎপাদন হ’ব বুলি জানিব পৰা গৈছে ৷
এই প্ৰকল্পটোত পেলনীয়া সামগ্ৰীক শক্তিলৈ ৰূপান্তৰিত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ জাৱৰৰ পৰা শক্তি উৎপাদন কৰি মানৱ সমাজৰ কল্যাণৰ বাবে ব্যৱহাৰ কৰা প্ৰকল্পটো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব বুলি জানিব দিয়ে বিভাগীয় কৰ্তৃপক্ষই ৷ উজনি অসমৰ আটাইতকৈ ডাঙৰ চহৰ ডিব্ৰুগড়ত জাৱৰ পেলোৱাৰ বাবে কোনো ধৰণৰ বিশেষ স্থান নথকাত ডিব্ৰুগড়ৰ মাইজানত ব্ৰহ্মপুত্ৰৰ কাষতে বছৰ বছৰ ধৰি চহৰৰ আৱৰ্জনা সমূহ পেলাই অহা হৈছিল ৷