অসম

assam

By

Published : Dec 30, 2019, 2:10 PM IST

Updated : Dec 30, 2019, 2:34 PM IST

ETV Bharat / city

কাম চৰাইয়ে শোভাবৰ্ধন কৰিলে গেলা-দিচাং কদমনি বিল

কাম চৰাইৰ উপস্থিতিয়ে মনোমোহা কৰিলে টিংখাঙৰ গেলা-দিচাং কদমনি বিল ৷ বিলখনত মুক্ত মনেৰে বিচৰণ কৰি ফুৰা পক্ষী কূলৰ নৃত্য-ভংগীমাই সকলোকে আকৰ্ষণ কৰিছে ৷

গেলা-দিচাং কদমনি বিলত কাম চৰাই
পৰিভ্ৰমী চৰাইৰ ভিৰ

টিংখাং, 30 ডিচেম্বৰ :ক্ৰমাৎ বিলুপ্তিৰ পথত থকা কাম চৰাইয়ে শোভাবৰ্ধন কৰিছে টিংখাঙৰ গেলা-দিচাং কদমনি বিল ৷ কাম চৰাইৰ বাবে বিখ্যাত বিলখনত শীতকাল আহিলেই শৰালি হাঁহ, দেও হাঁহ, বগলী আদি ভিন্ন পক্ষীয়ে ভিৰ কৰেহি । মুক্ত মনেৰে বিচৰণ কৰি ফুৰা পক্ষীকূলৰ নৃত্য-ভংগীমাই সকলোকে আকৰ্ষণ কৰে ৷

গেলা-দিচাং কদমনি বিলত কাম চৰাই

বহুদিনৰে পৰা স্থায়ী বসতিস্থলত পৰিণত টিংখাঙৰ গেলা-দিচাং কদমনি বিললৈ অহা পৰিভ্ৰমী পক্ষীসমূহৰ ৰক্ষণাবেক্ষণৰ বাবে স্থানীয় লোকসকলে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ৷ এই বিলত কোনো লোকে চৰাই নিধন কৰিলে ৫ হাজাৰ টকাৰ জৰিমনা ভৰিব লাগিব ৷ চাওক আমাৰ এক প্ৰতিবেদন...

আৰু পঢ়ক : গ্ৰেটাৰ নয়দাত ঘন কুঁৱলীয়ে প্ৰাণ ল'লে 6 জনৰ

Last Updated : Dec 30, 2019, 2:34 PM IST

ABOUT THE AUTHOR

...view details