ডিব্ৰুগড়, 9 নৱেম্বৰ :অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি বিভাগত নিশা সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডত এটি শিশুৰ মৃত্যু হয় ৷ দেওবাৰে নিশা ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ প্ৰসূতি কক্ষৰ শিশুসকলক ৰখা আইচিইউত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ফলত চিকিৎসালয়খনত ৰোগী আৰু অভিভাৱকৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় । শতাধিক ৰোগী চিকিৎসালয়খনৰ বাহিৰলৈ দৌৰি ওলাই আহে ।কোলাত সদ্যজাত শিশু লৈ লৰি-ঢাপৰি ওলাই অহা ৰোগীসকলৰ ফলত নিশা এক বৰ্ণনাতিত পৰিস্থিতিৰ সৃষ্টি হয় চিকিৎসালখনত । চতুৰ্থ, তৃতীয়, দ্বিতীয় মহলাত থকা প্ৰসূতি আনকি কেইঘণ্টামান পূৰ্বে জন্ম হোৱা শিশুকো কোলাত লৈ চিকিৎসালয়খনৰ বাহিৰলৈ ওলাই আহে ৰোগী আৰু অভিভাৱক ।