অসম

assam

ETV Bharat / city

শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত! - শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত!

আজি পৱিত্ৰ মহালয়া ৷ সেয়ে দেৱী মৰ্ত্যলৈ নামি অহা এই দিনটোতে দেশৰ লগতে সমগ্ৰ ৰাজ্যতে দেখা গ'ল আধ্যাত্মিকতা আৰু পৰম্পৰাৰ সংমিশ্ৰণেৰে শুভ মহালয়াৰ উৎসৱমুখৰ পৰিৱেশ ৷

শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত!

By

Published : Sep 28, 2019, 3:45 PM IST

ডিব্ৰুগড়, 28 ছেপ্টেম্বৰঃ আজি পৱিত্ৰ মহালয়া ৷ প্ৰবাদ অনুসৰি পিতৃপক্ষৰ অৱসান,দেৱী পক্ষৰ সূচনাৰ এই সন্ধিক্ষণেই মহালয়া ৷ হিন্দু ধৰ্মৰ মতে মহালয়াৰ দিনৰ পৰা আৰম্ভ হয় দেৱী দূৰ্গাৰ আগমণ ৷ সেয়ে দেৱী মৰ্ত্যলৈ নামি অহা এই দিনটোতে দেশৰ লগতে সমগ্ৰ ৰাজ্যতে দেখা গ'ল আধ্যাত্মিকতা আৰু পৰম্পৰাৰ সংমিশ্ৰণেৰে শুভ মহালয়াৰ উৎসৱমুখৰ পৰিৱেশ ৷

শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত!

ডিব্ৰুগড় জিলাৰ মৰাণত মহালয়া উপলক্ষে ভক্তসকলৰ মাজত দেখা গৈছে বিশেষ উছাহ ৷ পুৱাৰে পৰা মৰাণত উলহ-মালহ পৰিৱেশ । শৰতৰ বতৰত বহু জনে লৈছে জেলেপীৰ সোৱাদ । মহালয়া উপলক্ষে পুৱাই ৰাজপথলৈ ওলাই আহিল শিল্পী বিপিন চাওদাঙ ৷ ইপিনে শিলচৰতো আজিৰ এই পুণ্য দিনটোত মৃদু শীতৰ আভাস ল'বলৈ চহৰৰ অন্যতম আকৰ্ষণ সদৰঘাট দলঙলৈ ওলাই আহিল ৰাইজ ৷ আনহাতে বদৰপুৰত নেৰা-নেপেৰা বৰষুণকো উপেক্ষা কৰি বদৰপুৰৰ উমৰপুৰ মহিলা জাগৰণ মঞ্চই জীৱন্ত দেৱী দূৰ্গাৰ প্ৰতিমা লৈ বৰ্ণাঢ্য শুভা যাত্ৰা কৰিলে তেওঁলোকে ৷ বটদ্ৰৱাৰ সোনাইপাৰতো ৰাজপথত মহালয়া উপলক্ষে দোকমোকালিতে ৰাজপথলৈ ওলাই আহিল ৰাইজ ৷ নগাঁৱৰ ঐতিহ্যমণ্ডিত সোণাইপাৰ গৌৰিনাথ মন্দিৰতো শতাধিক ৰাইজে একেলগে ভাগ ল'লে মহালয়া উৎসৱত৷ শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতিৰ ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গান । শৰতৰ আগমণত সকলোৰে মন মতলীয়া৷ শাৰদী ৰাণীক আদৰিবলৈ এতিয়া সকলো সাজু ৷

ABOUT THE AUTHOR

...view details