অসম

assam

ETV Bharat / city

সতীৰ্থক নিৰ্বাচনী কাম আগবঢ়াবলৈ আহ্বান লুৰিণৰ - যুদ্ধংদেহী ৰূপত নিৰ্বাচনী কাম-কাজ আগবঢ়াই নিবলৈ দলীয়-কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান

মাতৃৰ কাষৰ পৰাই দলীয় কৰ্মীক যুদ্ধংদেহী ৰূপত নিৰ্বাচনী কাম-কাজ আগবঢ়াই লৈ যোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ । আজিও অপৰিৱৰ্তিত হৈ আছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈৰ স্বাস্থ্যৰ অৱস্থা । ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ নাৰ্চিংহোম সঞ্জীৱনী হাস্পতালৰ আইচিইউত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে লুৰিণৰ মাতৃ ।

যুদ্ধংদেহী ৰূপত নিৰ্বাচনী কাম-কাজ আগবঢ়াই লৈ যোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ
যুদ্ধংদেহী ৰূপত নিৰ্বাচনী কাম-কাজ আগবঢ়াই লৈ যোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ

By

Published : Mar 31, 2021, 12:27 PM IST

মৰাণ,৩১ মাৰ্চ: গুৰুতৰভাৱে অসুস্থ হৈ সম্প্ৰতি ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ নাৰ্চিংহোম সঞ্জীৱনী হস্পিতালৰ আইচিইউৰ ভেণ্টিলেটৰত সংকটজনক অৱস্থাত চিকিৎসাধীন লুৰিণজ্যোতি গগৈৰ মাতৃ ডুলু গগৈ । মাতৃৰ অসুস্থতাৰ খবৰ পাই ততাতৈয়াকৈ নিৰ্বাচনী কাৰ্যসূচী আধাতে সামৰি গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ ৰাওনা হৈ মাতৃৰ সৈতে সময় কটালে জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে । মূৰৰ পিছফালে আঘাতপ্ৰাপ্ত হৈ ৭৫ শতাংশ ৰক্তক্ষৰণ হৈ প্ৰেছাৰ ষ্ট্ৰোক হোৱা মাতৃৰ স্বাস্থ্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি পুত্ৰ লুৰিণজ্যোতি গগৈয়ে অসুস্থ মাতৃৰ আৰোগ্য কামনা কৰা ৰাজ্যবাসীলৈ ধন্যবাদ জনোৱাৰ লগতে শীঘ্ৰে নিৰ্বাচনী কাম-কাজত জড়িত হৈ পৰাৰ আশা প্ৰকাশ কৰে ।

যুদ্ধংদেহী ৰূপত নিৰ্বাচনী কাম-কাজ আগবঢ়াই লৈ যোৱাৰ আহ্বান লুৰিণজ্যোতি গগৈৰ

মাতৃৰ অসুস্থতাত যথেষ্ট আৱেগিক হৈ পৰা লুৰিণে সংবাদ মাধ্যমৰ আগত নিৰ্বাচনৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দৰে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনতো যুদ্ধংদেহী ৰূপত নিৰ্বাচনী কাম-কাজ আগবঢ়াই নিবলৈ দলীয়-কৰ্মকৰ্তাসকলৰ প্ৰতি আহ্বান জনাইছে । জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে কয় যে, প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত অসমত জাতীয়বাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে যোগাত্মক দিশেৰে আগবাঢ়িছে । ৰাইজক একত্ৰিত কৰি অসমত স্বাভিমানী জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিব লাগিব । জনতাৰ ৰায় এইবাৰ ৰাইজৰ পক্ষত থাকিব । সততাৰ ৰাজনীতিৰ পক্ষত থাকিব অসমৰ জনতা । বিগত সময়ৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি, ভয়াৱহতা, উন্নয়নহীনতা আদি পৰিৱেশৰ পৰা অসমক উদ্ধাৰ কৰিবলৈ অসমবাসী ৰাইজক আগবাঢ়ি আহিবলৈ এইদৰে আহ্বান জনাইছে গগৈয়ে ।

সোমবাৰে পুৱা লাইপুলিস্থিত নিজ বাসগৃহত গুৰুতৰভাৱে অসুস্থ হৈ পৰে । পুৱা গৰুৰ গাখীৰ খীৰাবলৈ বুলি গোহালিলৈ যাওঁতেই হঠাতে প্ৰেছাৰ ষ্ট্ৰ'কত আক্ৰান্ত হয় লুৰিণৰ মাতৃ । ইয়াৰ পিছতে তেওঁক ততাতৈয়াকৈ ডিব্ৰুগড়ৰ সঞ্জীৱনী নাৰ্চিংহোমত ভৰ্তি কৰোৱা হয় । ৬০ বছৰৰ উৰ্ধ্বৰ মহিলাগৰাকী বৰ্তমান নাৰ্চিংহোমখনৰ আই চি ইউত চিকিৎসাধীন হৈ আছে ।

লগতে পঢ়ক: হোজাইত বিধ্বংসী অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details